যুৱশীৰ্ষ

অধ্যয়নৰ সৈতে ছন্দ মিলাই মডেলিঙতো আগুৱাইছে অঞ্জনা

গৌতম হাজৰিকা

এগৰাকী মৰম লগা যুৱতী অঞ্জনা কলিতা। জন্ম যদিও গোৱালপাৰা, তেওঁ শৈশৱ পাৰ কৰি যৌৱনত ভৰি দিলে মহানগৰীৰ কাহিলিপাৰাত। এতিয়া অঞ্জনা এগৰাকী প্ৰতিভাৱান মডেল। সৰুৰেপৰা নৃত্যৰ প্ৰতি বিশেষ আকৰ্ষণ থকা অঞ্জনাই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ নিজৰ প্ৰতিভা দাঙি ধৰিছিল। সত্ৰীয়া নৃত্যত নিপুণ অঞ্জনাই অসমক প্ৰতিনিধিত্ব কৰি চিমলা মানালীত আধুনিক নৃত্য প্রদর্শনেৰে সন্মান বুটলিও আনিছিল।

২০১৫ চনত খানাপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অঞ্জনাই সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ সুযোগ পাইছিল। কাহিলিপাৰা জাতীয় বিদ্যালয়ৰপৰা মেট্ৰিক দিয়া অঞ্জনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিয়ে দিছ্পুৰ কলেজৰপৰা। আৰ্য কলেজত বৰ্তমান অধ্যয়ন কৰি থকা অঞ্জনাই নামি পৰে মডেলিং জগতত।

জনপ্ৰিয় ফেশ্যন ডিজিনাৰ ডিপ্লো হাজৰিকাৰ হাতত ধৰি তেওঁ আগুৱাই গ’ল। তাৰ পিছত কাম কৰাৰ সুযোগ পালে পায়েল ছাদ্ধা, প্ৰান্তিক শৰ্মা, মৌচুমী বৰা, মাধুৰী বৰ্মন, মেহজাবেন এৰশ্বাদৰ লগত। মাক দীপ্তি কলিতাৰ প্ৰেৰণাত তেওঁ আগুৱাই গৈছে। অৰুণাচলৰ টাৱাঙত ডিপ্লো হাজৰিকাৰ এক ফেশ্বন শ্ব’ত তেওঁ সুযোগ পালে কাম কৰাৰ। য’ত ৰেম্পত অঞ্জনাৰ লগত কেটৱাক কৰিছিল নিভা শইকীয়া, টিনা দাস, নিতুস্মিতা দত্ত, পূজা চেতিয়াৰ দৰে জনপ্ৰিয় মডেলৰ সৈতে।

তাৰ মাজতেই তেওঁ অভিনয় কৰাৰ সুযোগ পালে দুখনমান ভিডিঅ’ ছবিত। অঞ্জনাই এতিয়ালৈকে বিজিত শৰ্মা, প্ৰণৱ বৰ্মন, মিলন জ্যোতি, সুৰাজিত দাস, সীমান্ত শেখৰ ডেকা, অংকুৰ হাজৰিকাৰ লগত কৰিছে ফট’শ্বুট। অসমৰ নিউজ চেনেল নিউজ-18ৰ ফেশ্যন সম্পৰ্কীয় অনুষ্ঠানত মৌচুমী বৰা, মেঘনা, ভাৱনা ডেকাৰ লগত নিজৰ প্ৰতিভা দাঙি ধৰাৰ সুযোগ পায়। অঞ্জনা আৰু আগুৱাই যাওক, শিৰত পিন্ধাক বিজয় মুকুট। তাকেই কামনা কৰিলোঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close