কবিতাসাহিত্য

অনুগ্ৰহ কৰি মোৰ প্ৰেমত নপৰিব–

দীপজ্যোতি শৰ্মা

অনুগ্ৰহ কৰি মোৰ প্ৰেমত নপৰিব
আপোনাক সুখী কৰি ৰাখিব বাবে
মোৰ সামাজিক ষ্টেটাছ শূন্য,
মই নাজানো প্ৰেমৰ
অনুপাত- সমানুপাত
সঁচা অৰ্থত মই এজন পংগু ৷
ব্যস্ততা মোৰ ঠিকেই আছে
কিন্তু নাই সময়ৰ দৰ দামত
নিজকে ৰজা বনোৱাৰ কৌশল,
হয় আপুনি ঠিকেই ভাবিছে
মই মাতাল,মই নিচাগ্ৰস্ত
কিন্ত আপুনি হয়তো জানে
যি ভোকৰ বাবেই
ৰাস্তাত আৰ্তনাদ,ধৰ্না,লাঠিচাৰ্জ ৷
আপুনি এয়াও জানে হয়তো
মই ফাগুন আৰু সেউজীয়াৰ
নিৰিবচিন্ন প্ৰেমিক,
কিন্তু নাভাবিব কেতিয়াও
মই কেতিয়াও কাৰোবাৰ দুচকুত
প্ৰেমৰ সংজ্ঞা শুনিব নিবিচাৰো ৷
নষ্ট গলিৰ বেশ্যাৰ ছাঁত ও
মই জিৰাব নখুজো,
ভোক আৰু উদযাপন কৰিব কৰিব
মন আছে বাবেই
মই ব্যস্ত,
সময়বোৰৰ অপমৃত্যু
আপুনি মোৰ প্ৰেয়সী নহব
কাৰণ প্ৰেমৰ বাকৰিৰ হিচাপ নিকাচত
মই একেবাৰেই ব্যৰ্থ,
মই নাজানো প্ৰেমৰ ত্ৰিকোনমিতি
ধুনীয়া ছোৱালী বোৰ মোৰ ভাল লাগে যদিও
কাৰোবাৰ চুলি আৰু চকুৰ কাজলৰ বৰষুণত
মই উদযাপন নকৰো ভালপোৱা
কাৰণ প্ৰেমে দিব নোৱাৰে
এহাজাৰটা বসন্তৰ বিশ্বাস,
মই তেওঁৰেই
যি মোৰ জীৱনৰ প্ৰেয়সী
সেয়ে আকৌ এবাৰ কৈছো
মোৰ প্ৰেমত নপৰিব
মই বিশ্বাসঘাটক
সময়ৰ বুকুত মই উৰন্ত পখিলা
কিন্ত এটা শূন্যত সমাপ্তি ৷৷

কবিৰ ভ্ৰাম্যভাষ-7896246254

Related Articles

Leave a Reply

Close