অসম

অভয়াপুৰীত বঙাইগাঁওৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, অভয়াপুৰী: কালি বঙাইগাঁওৰ নোৱাপাৰাত কুজীয়া নৈ গা ধুবলৈ গৈ পানীৰ কোবাল সোতে উটুৱাই নিয়া ছাত্ৰ চিন্ময় বিদুৰ দৈমাৰী (১৩)ৰ মৃতদেহ আজি দুপৰীয়া অভয়াপুৰীৰ সমীপৱৰ্তী তুলুঙীয়া কুজীয়া নৈত উদ্ধাৰ কৰা হয় ৷ নৈ ভাঁহি গৈ অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি মৃতদেহটো উদ্ধাৰ কৰে ৷ চাপাগুৰি লিটল ফ্লাৱাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ মেধাৱী ছাত্ৰগৰাকী কালি সমনীয়াৰ স’তে কুজীয়া নৈত গা ধুবলৈ যোৱাত পানীৰ তীব্ৰ স’তে উটুৱাই নিছিল ৷ ছাত্ৰজনৰ সন্ধানত কালিৰে পৰা আৰক্ষী আৰু SDRF য়ে অভিযান চলাইছিল ৷

Related Articles

Leave a Reply

Close