অসম

অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ,টীয়ক: টীয়কৰ কদৰ্যময় ৰাজপথৰ বাতৰি প্ৰথম খবৰত কালি সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছত চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ পেৰণ কৰিছে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সমিতিয়ে৷ স্মাৰক পত্ৰত সংগঠনটোয়ে উল্লেখ কৰে যে ৰাষ্টাৰ বাবে ভিন্ন সংগঠনে ভিন্ন সময়ত প্ৰতিবাদ কৰি কোনো সুফল নাইপোৱা৷প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰক এইবোৰ লাভ কৰিবলৈ শ্বহীদ হ’ব লাগিব নেকি বুলি প্ৰত্ৰখনত প্ৰশ্ন কৰে৷এই পত্ৰৰ জৰিয়তে মৰনফান্দ সদৃশ গাঁত সমূহ অতি শীঘ্ৰে মেৰামতিৰ দাবী জনায়৷ অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিছে৷ ইয়াৰ লগতে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সমিতিয়ে জাজীমূখ,বনাই,হালোৱাপথাৰ,টীয়ক,কাকজানত শেহতীয়াকৈ হোৱা বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ অৰ্থে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জলসম্পদ বিভাগৰ মন্ত্ৰীলৈ স্মাৰক পত্ৰ পেৰন কৰিছে৷ যোৰহাট জিলাৰ অন্তৰ্গত প্ৰতিটো বানবিধস্ত নৈপৰীয়া অঞ্চলৰ জনসাধাৰণৰ স্বাৰ্থত ১৫ দিনৰ ভিতৰত সুব্যৱস্থাৰ দাবী কৰে ৷ অন্যথা আমৰণ অনশন কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে৷

Related Articles

Leave a Reply

Close