অসম

অসমৰ প্ৰথমটো ছবিগৃহত অভিনেতা যতীন বৰা

প্ৰথম খবৰ, তেজপুৰ: অসমৰ প্ৰথমটো ছবিগৃহ জোনাকীক ঐতিহাসিক চিত্ৰগৃহ হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসম চৰকাৰৰ হৈ অসম চল্লচিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ যতীন বৰাই তেজপুৰত অৱস্থিত অসমৰ প্ৰথমটো ছবিগৃহ জোনাকীত উপস্থিত হৈ ছবিগৃহটোৰ আন্তঃগাঠনি সম্পৰ্কত বুজ লয়। ছবিগৃহটোৰ স্বত্বাধিকাৰীৰ লগতে ছবিগৃহটো উন্নত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে আগবঢ়োৱা পাচঁ কোটী টকাৰে জোনাকী চিত্ৰগৃহটো ঐতিহাসিক হিচাপে গঢ়ি তোলাত গুৰুত্ব দিৱ বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close