অসমশীৰ্ষ

অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আগবাঢ়ি যোৱা সকলক সহযোগিতা কৰি যাম, কংগ্ৰেছৰ কোনো দায়বদ্ধতা নাই: মুখ্যমন্ত্ৰী

প্ৰথম খবৰ, তেজপুৰ: অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা শিল্পীসকলক বিচাৰি সহায় প্ৰদান কৰা হ’ব। শিল্পীসকলক পৰ্যায় ক্ৰমে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়োৱা হৈছে। এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আাজি তেজপুৰত সাংবাদিকৰে হোৱা কথা-বতৰাত লগতে কংগ্ৰেছক কঠোৰ ভাষাৰে সমলোচনা কৰি কয় যে কংগ্ৰেছৰ নূন্যতম দায়বদ্ধতা থকা হ’লে অসমৰ বানাক্ৰান্তক অলপ হ’লেও সহায় কৰিলে হেতেন। কংগ্ৰেছে কেৱল সমালোচনা কৰাত ব্যস্ত থাকে। বিৰোধীৰ ভুমিকা ভুমিকা গ্ৰহণ কৰিব লাগিছিল তাতো ব্যৰ্থ।

কংগ্ৰেছত ১৫ বছৰ কাৰ্যকালৰ ঘৃণনীয় অধ্যায় ধকাৰ চেষ্টাৰে অনাহকত আমাক সমালোচনা কৰি আহিছে। মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে কংগ্ৰেছে চেষ্টা কৰি আহিলেও আমাৰ অসমৰ ৰাইজৰ বাবে দায়বদ্ধতা আছে। তেওঁ লগতে কয় যে, এটা কথা স্পষ্ট যে অসমৰ ৰাইজে আমাক চৰকাৰ পৰিচালনাৰ দায়িত্ব দিছে গতিকে ৰাইজক সহায় কৰাটো আমাৰ প্ৰথম দায়িত্ব আৰু কতব্য বুলিও উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close