অসম

অৱশেষত বদলি হ’ল গৌৰীসাগৰ দূৰ্নীতিগ্ৰস্ত বিডিঅ’ দিলীপ গগৈ

প্ৰথম খবৰ,দিখৌমুখ: বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসন কালত দূৰ্নীতি-অনিয়মৰ অভিলেখ গঢ়া শিৱসাগৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ অধীনস্থ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ বহু বিতৰ্কিত জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া দিলীপ গগৈৰ অৱশেষত উন্নয়ন খণ্ড কাৰ্যালয়টোৰ পৰা বদলি হ’ল৷ এম জি এনৰেগা, আই এ ওৱাই গৃহ আবণ্টন, হাট-বজাৰ আবন্টনকে ধৰি উন্নয়ন খণ্ডটোৰ বিভিন্ন কাম-কাজত চুড়ান্ত অনিয়মত লিপ্ত হোৱাৰ অভিযোগত অভিযুক্ত খণ্ড উন্নয়ন বিষয়া গৰাকীক যোৰহাট জিলাৰ তিতাবৰলৈ বদলি কৰা হৈছে৷ স্মৰ্তব্য যে শিৱসাগৰ আৰু আমগুৰি বিধান সভা সমষ্টিৰ মুঠ পোন্ধৰ খন গাওঁ পঞ্চায়ত সন্নিবিষ্ট অতি গুৰুত্বপূৰ্ণ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়টোত বিগত সময়ছোৱাত বিভিন্ন অনিয়ম-অনীতি সংঘটিত হোৱাৰ অভিযোগত সংবাদ শিৰোনাম দখল কৰি আহিছিল৷ এই পৰিপ্ৰেক্ষিততে চুড়ান্ত দূৰ্নীতিত নিমজ্জিত উক্ত বিষয়া গৰাকীক বদলিৰ বাবে বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰি আহিছিল যদিও একমাত্ৰ ৰাজনৈতিক আৰ্শীবাদপুষ্ট হোৱাৰ সুবাদতে খণ্ড উন্নয়ন বিষয়া গৰাকীৰ চকী লৰা নাছিল৷ কিন্তু শেহতীয়াকৈ সাম্প্ৰতিক দূৰ্নীতি বিৰুধী অভিযান চলোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ কাৰ্যকালত প্ৰত্যাশিত ভাৱেই বিষয়া গৰাকী গৌৰীসাগৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা বদলিৰ নিৰ্দেশ অহাত দল-সংগঠনৰ লগতে উন্নয়ন খণ্ডটোৰ অধীনস্থ গৰিষ্ঠ সংখ্যক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷ উন্নয়ন খণ্ড কাৰ্যালয়টোৰ নতুন বিডিঅ’ হিচাবে নিয়োজিত হৈছে মাহমৰা উন্নয়ন খণ্ডত কৰ্মৰত জ্যোতিমালী ৰাজখোৱা৷
ৰাইজে এইগৰাকী নতুন খণ্ড উন্নয়ন বিষয়াক আদৰণী জনোৱাৰ লগতে বৃহত্তৰ খণ্ড উন্নয়ন এলেকাটোৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থত কাম কৰিবৰ বাবে আহ্বান জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close