অসম

আগছুৰ ওদালগুৰি জিলা বন্ধৰ প্ৰভাৱ টংলাত সৰ্বাত্মক

প্ৰথম খবৰ, টংলাঃ ওদালগুৰিৰ খাউৰাঙত স্বাধীনতা সেনানী ছহিদ মেজৰ দুৰ্গামল্লৰ আৱক্ষ মুৰ্তিটো কোনো দুৰ্বৃত্তই ক্ষতিসাধন কৰা এসপ্তাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে এটাও অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা আগছু ওদালগুৰি জিলা সমিতিয়ে আহ্বান জনোৱা ১২ঘন্টীয়া জিলা বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে টংলা আৰু ভেৰগাঁও মহকুমাত সৰ্বাত্মক ৰূপত পৰিছে৷ বন্ধৰ প্ৰভাৱত সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ উপৰি দোকান বজাৰ আদিতো বন্ধৰ প্ৰভাৱ দেখা গৈছে৷ ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে পিকেটিং কৰা পৰিলক্ষিত হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close