অসম

আজিৰে পৰা কাজিৰঙাত টাইম কাৰ্ডৰ ব্যৱস্থা : যান-বাহনে নিয়ম উলংঘা কৰিলে ৫০০০ টকা জৰিমনা

প্ৰথম খবৰ,কাজিৰঙা: বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ প্ৰৱৰ্তন । লগতে NGT ৰ নিৰ্দেশনা অনুসৰি নিয়ম উলংঘাকাৰীয়ে নিয়ম ভংগ কৰিলে ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব। আজি সন্ধ্যা ৬ বজাৰ পৰা প্ৰৱৰ্তন হৈছে এই প্ৰক্ৰিয়া। বুঢ়াপাহাৰৰ আমগুৰিৰ পৰা কঁহৰা হালধিবাৰীলৈ এই নিয়ম মানি চলিব লাগিব যান বাহন চালক সকলে। বানৰ কৱলত পৰা কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীয়ে ওখ স্থান আৰু খাদ্যৰ সন্ধানত ঢাপলি মেলিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ দিশলৈ। এনে অৱস্থাত বন্যপ্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিব লগীয়া হোৱাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বন বিভাগে টাইম কার্ডৰ ব্যৱস্থা প্ৰদান কৰিছে। আনহাতে কঁহৰা হালধিবাৰীৰ পৰা বুঢ়াপাহাৰ আমগুৰিলৈ ঘণ্টাত ৩০ কিমি বেগত অতিক্ৰম কৰিবলৈ নিৰ্দেশ দিছে বনবিভাগে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰ আৰু ডিফলু নৈৰ বাঢ়নি পানীত প্লাৱিত হৈছে উদ্যানৰ বিস্তৃীৰ্ণ এলেকা ৷ বনবিভাগে জানিব দিয়া ম’তে, উদ্যানৰ বুঢ়াপাহাৰ, বাগৰি আৰু কহঁৰা বনাঞ্চলৰ ৮০ টাতকৈও অধিক বনশিবিৰ এলেকা জলমগ্ন হৈ পৰিছে ৷

Related Articles

Leave a Reply

Close