অসম

আনাৰসৰ খেতিৰে স্বাৱলম্বী বাক্সাৰ দেবব্ৰত গয়াৰী

সুৱৰ্ণ পাঠক,মুছলপুৰ: আনাৰসৰ খেতিৰেও হ’ব পাৰি স্বাৱলম্বী ৷ তাৰেই নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে বাক্সাৰ এগৰাকী কৃষকে ৷ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ভূটানখুটিৰ এই কৃষকজনৰ নাম হৈছে দেৱব্ৰত গয়াৰী ৷ এইগৰাকী কৃষকে আনাৰসৰ খেতিৰে দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বীতাৰ নিদৰ্শণ ৷ নিজৰ ঘৰৰ চৌহদৰ প্ৰায় সাত বিঘা মাটিত দুটা জাতৰ আনাৰসৰ গছ ৰোপন কৰি বছৰত ত্ৰিশ চল্লিশ হাজাৰ টকা উপাৰ্জন কৰি আহিছে দেৱব্ৰত গয়াৰীয়ে ৷ আনাৰসৰ খেতিৰে ভাৰত ভূটান সীমান্তত এক সেউজ বিপ্লৱৰ সূচনা কৰা গয়াৰীয়ে জানিব দিয়া মতে বিগত বিশ বছৰ ধৰি তেওঁ আনাৰসৰ খেতি কৰি আহিছে ৷ বছৰত দুবাৰকৈ বিক্ৰী কৰি আহিছে উৎপাদিত আনাৰস ৷ জিলাখনৰ বিভিন্ন সাপ্তাহিক বজাৰত গয়াৰীয়ে প্ৰতিটো আনাৰস বিশ টকা দৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে নিবনুৱা সমস্যাই ককবকাই থকা ৰাজ্যখনত সচাকৈ দেৱব্ৰত গয়াৰীৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয় ৷

Related Articles

Leave a Reply

Close