নিবন্ধযুৱশীৰ্ষ

আপুনি সুখী হ’ব পৰা নাই, সুখী নে মই?

কুমুদ দাস

ব্যক্তিগতভাৱে আমি জীৱন সম্পৰ্কে কিছু পঢ়া শুনা কৰিছোঁ৷ জীৱনবাদী লেখক, যেনে- ডেল কাৰ্ণেগী, নেপলিয়ন হিল, পাৰ্থ চট্টোপাধ্যায় বা টকা-পইচাৰ হিচাপ নিকাচ কৰিব পৰাকৈ অলপ অচৰপ ৱাৰেন বাফেটৰ লেখাও পঢ়িছোঁ৷ তদুপৰি, অসমীয়া ভাষা-সাহিত্য সমৃদ্ধ কৰা বহু কিতাপ অলপ দিন আগলৈ পঢ়িছোঁ৷ অসমীয়া লেখকৰ নামবোৰ উল্লেখ নকৰিলোঁ। কাৰণ কাৰ কাৰ পঢ়া নাই সেইটো কৈ দিবলৈ অলপ বেয়া পাইছোঁ৷ এনেয়েও কিতাপ পঢ়াত আমি সৰুৰে পৰাই হিচাপী৷ কিন্তু বিগত ছমাহত মই এখনো কিতাপ পঢ়া নাই৷ ছমাহ আগেয়ে পঢ়া কিতাপখনো আকৌ বিতৰ্কিত কিতাপ৷ কিন্তু বিগত ছমাহত ভিতৰৰ পৰা পঢ়িবলৈ আহ্বান অহা অসমীয়া কিতাপ এখনো পোৱা নাই৷ সঁচা কথা কৈছোঁ। কোনোবাই আঘাত পাব পাৰে। মই দুই-তিনি ঘণ্টা খৰচ যিকোনো কিতাপ পঢ়িবলৈ অলপ টান পাওঁ৷ অৱশ্যে কাকতত প্ৰকাশ পোৱা কিছুমান সৰু সৰু লেখাইও আকৃষ্ট কৰে৷ তেনে লেখা পঢ়োঁ৷ আজিকালি ফেচবুকতো বহুকেইজনে খুব সুন্দৰকৈ মন স্পৰ্শ কৰিব পৰা সৰু সৰু লেখা লিখি আছে৷ প্ৰতিভু দত্তদাৰ দৰে মানুহ ফেচবুকত লেখিয়ে তাৰকা লেখক হৈ গ’ল৷ ফেচবুকতো বৰ সুন্দৰ লেখা লিখাসকলৰ ভিতৰত বহুকেইজনৰ লগত ব্যক্তিগত চিনাকি নাই৷ তথাপি আমি ফেচবুক খুচৰি থকা সময়ত কেইজনমানৰ আপডেট নপঢ়াকৈ নাথাকোঁ৷

এতিয়া আহো, আচল কথাটোলৈ৷ বিগত সময়বোৰত মোৰো দুই এটা লেখা কাকতে পত্ৰই ওলাইছিল৷ চিনাকি অচিনাকি বহুতৰে মাজত লেখক পৰিচিতিও আছিল৷ বহুতেই হয়তো ক’ব-টিভি সাংবাদিকতাৰ অত্যধিক ব্যস্ততাৰ মাজত আমি লেখা মেলা কৰিবলৈ আহৰি পোৱা নাই৷ সেই অভিযোগ মুঠেই সঁচা নহয়- কাৰণ টিভি সাংবাদিকতাৰ ব্যস্ততাৰ মাজতে আমি লিখা ছয়খনকৈ গ্ৰন্থ প্ৰকাশ হৈছে৷ এই ছয়খন গ্ৰন্থৰ মাজৰ “জীৱনক ভাল পাবলৈ শিকো আহক”ৰ তিনিটা সংস্কৰণ, “অশান্তিমুক্ত জীৱন কটাও আহক”ৰ দুটা সংস্কৰণ প্ৰকাশিত হৈছে৷ গতিকে, আমাৰ দৰে অল্পখ্যাত লেখকৰ এয়া পৰম সৌভাগ্য৷ কিন্তু মানুহে অধিক আদৰি লোৱা দুয়োখন গ্ৰন্থৰ বিষয়বস্তু জীৱন আৰু জীয়াই থকাৰ সংগ্ৰাম৷ গতিকে, জীৱন সম্পৰ্কীয় অনুসন্ধিৎসাই অনিচ্ছুক মানুহকো হয়তো কিতাপ দুখন কিনিবলৈ উৎসাহ যোগাইছিল৷

আত্মবন্দনা অলপ থাকক বাৰু৷ কিন্তু আজিকালি বেছিভাগ মানুহৰ বেছি সময় পাৰ হয় ফেচবুক-টুইটাৰৰ দৰে মাধ্যমত৷ পঢ়া শুনা কৰাৰ আগৰ সময়বোৰ এতিয়া ফেচবুকে দখল কৰিলে৷ বহুতৰে পঢ়া-শুনা, লেখা-মেলা সকলো এতিয়া ফেচবুকতেই সীমাৱদ্ধ হৈ পৰিছে৷ ফেচবুকৰ পঢ়া শুনাৰ মাজতে দুই এজনে মানুহৰ হৃদয় আৰু মনক চুই যোৱা সৰু সৰু লেখা লিখি অধ্যয়নৰ সুখকণ বৰ্তাই ৰাখিছে৷ সেইটো এটা শুভলক্ষণ বুলিয়ে ক’ব পাৰি৷

এতিয়া আহো সুন্দৰ জীৱনৰ সাধনাৰ প্ৰসংগলৈ৷ আজিৰ তাৰিখত মানুহৰ সহ্যগুণ বহু কমি যোৱা যেন লাগে৷ মানুহে মানুহক সৰু সুৰা কথাতো আক্ৰমণ কৰে, পক্ষপাতমূলক আচৰণ, ক্ষমতাৰ প্ৰতি লিপ্সা, অহংবোধ, সৰু কথাত বেছি দেখুওৱা আদি অলেখ অজস্ৰ কথা সন্তৰ্পণে লক্ষ্য কৰি আছে৷ ক্ষন্তেকীয়া প্ৰাপ্তিৰ হেপাঁহত বহুতেই আনক সহ্য কৰাৰ ক্ষমতাও লাহে লাহে যেন হেৰুৱাবলৈ লৈছে৷

এনেকুৱা লাগে, পৃথিৱীখনত অসুখী মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে৷ অসুখী হৈও সুখী হোৱাৰ অভিনয় কৰিবলগীয়া হৈছে৷

কিয় এনে হৈছে- আমাৰ ব্যক্তিগত জীৱনত সুখী হোৱাৰ কাৰণবোৰ তেনেই সৰু সৰু৷ চিকেন ড্ৰাই ফ্ৰাই, ভাত দালি আৰু পিটিকা খাইও সুখী হৈ যাওঁ, ফাইভ ষ্টাৰ হোটেলত সুস্বাদু খাবলৈ যোৱা কথা মনলৈ নাহে৷ সুখী হৈ যাওঁ ঢেকীয়া ভাজিৰ সৈতে বুটৰ তৰকাৰীৰে খোৱা তেনেই সাধাৰণ ভাতসাজক লৈ৷ কেতিয়াবা কফি কাপত চুমুক দি বিশাল আকাশখন চাইও সুখী হৈ যাওঁ৷ এটা গীত শুনি, এটা লেখা বা এখন কিতাপ পঢ়িও কষ্টকৰ দিনটোৰ ঘৰ্মাক্ত পৰিশ্ৰম পাহৰি যাওঁ৷ আচলতে মই নিজৰ জীৱনতে পৰীক্ষা নিৰীক্ষা কৰি চাইছো- সুখী হ’ব খুজিলে অনেক কাৰণ বিচাৰি পাব পাৰি, আৰু দুখী হ’বলৈ এটা কাৰণেই যথেষ্ট৷

কিন্তু সুখী মানুহতকৈ দুখী মানুহৰ সংখ্যা কিয় বেছি? আমি যিমানবোৰ সুখী মানুহক লগ পাইছো, তেওঁলোকে কেতিয়াও তুলনাৰ দ্বাৰা অসুখী নহয়, বেছিভাগ মানুহেই তুলনাৰ দ্বাৰা অসুখী হয়৷ অমুকৰ গাড়ী আছে, মোৰ নাই৷ মোৰ কেৱল গাড়ী আছে, অমুকৰ গাড়ী ঘৰ সকলো আছে৷ অমুকৰ গাড়ী ঘৰটো আছেই, বেংকতো বহুত টকা আছে৷ গতিকে, অমুক চাগৈ মোতকৈ বেছি সুখী৷ কিন্তু বাহ্যিক দৃষ্টিত কাকো সুখী বা অসুখী বুলি কৈ দিব নোৱাৰি৷ সেই কথা আমি বহুতেই ভাবি নাচাওঁ৷ ভাবি নাচাওঁ বহু কথাই আমি৷

কেতিয়াবা নিজে সুখী হ’বলৈ গৈ স্বাৰ্থপৰ হৈ আকৌ অসুখী হওঁ৷ প্ৰায়ে নিজৰ কথা আনৰ ওপৰত জোৰকৈ জাপি দি অসুখী হওঁ৷

আমি ব্যক্তিগতভাৱে যিমানবোৰ অসুখী মানুহ লগ পাইছো, তেওঁলোকৰ বেছিভাগেই অসুখী নিজৰ বাবে৷ নিজে আমন্ত্ৰণ কৰি লোৱা দুখত দুখী তেওঁলোক৷ নিজে বিচৰাধৰণৰ পৃথিৱীখনৰ সামান্য ইফাল সিফাল হ’লেই ধুমুহা আহি যায়৷ কেতিয়াবা নিজে অলপ অসুবিধাৰ সন্মুখীন হৈ আনক সুখী হোৱাৰ সুযোগ দিও সুখী হ’ব পাৰি৷ কেতিয়াবা আনৰ বাবে জীয়াই থাকিও সুখী হ’ব পাৰি৷ কেতিয়াবা আনক অলপ সহায় কৰিও সুখী হ’ব পাৰি৷ কেতিয়াবা আনৰ কাৰণে ত্যাগ কৰিও সুখী হ’ব পাৰি৷ কেতিয়াবা লঘোণে থাকি, নিজৰ ভাগৰ খোৱাখিনি আনক খাবলৈ দিও সুখী হ’ব পাৰি৷ কেতিয়াবা আনক সামান্য উপকাৰ কৰিও সুখী হ’ব পাৰি, যাক উপকাৰ কৰা যায়। তেনে লোকেও প্ৰতিদানত মনত ৰাখি কিবা এটা কৰিব বুলি প্ৰত্যাশা ৰাখিব নালাগে।তেনে প্ৰত্যাশা ৰাখিলে দুখ পোৱাৰ সম্ভাৱনাই সৰহ৷

প্ৰয়োজনত খাতিৰ কৰা মানুহ বহুত ওলাব, কিন্তু অলপ প্ৰতিষ্ঠাৰ সুযোগ পালেই সহায় কৰোতাজনৰ মূৰৰ ওপৰত উঠিব৷ তেনে মানুহ ব্যক্তিগত জীৱনত বহুবাৰ লগ পাইছো৷ কাৰোবাক কেতিয়াবা কিবা এটা সহায় কৰিছোঁ যদি প্ৰতিদান আশা কৰা নাই৷ সহায় কৰাৰ অহংবোধো নাই৷ গতিকে, তেনে বিষয়ক লৈ দুখবোধ নাই৷ কিন্তু সুখী হ’ব খোজাৰ সুতীব্ৰ ইচ্ছাৰ মাজতো কেতিয়াবা আন লোকৰ কৰ্মকাণ্ডৰ বাবেও আপোনাৰ দুখবোধ আহিব পাৰে, তেনে বিষয়ক বৰ বেছি গুৰুত্ব নিদিয়াই ভাল৷ মানুহৰ প্ৰতি অত্যধিক বিশ্বাস বা নিৰ্ভৰশীলতাইও দুখবোধৰ জন্ম দিব পাৰে৷ গতিকে, যিবোৰ কামত নহ’লেই নহয়, তেনে কামত বাদ দি অন্য বিষয়বোৰত স্বনিৰ্ভৰশীল হৈ কিছু পৰিমাণে দুখবোধত নিমজ্জিত নোহোৱাকৈ থাকিব পাৰি৷

সকলোতকৈ বেছি দুখবোধৰ কাৰণ মোৰ ব্যক্তিগত জীৱনত আনক ন’ ক’ব নোৱাৰাটো৷ কোনোবাই কৰবাত লগ ধৰিলে, ইচ্ছা নাথাকিলেও গুচি যোৱা, কেতিয়াবা ইচ্ছাৰ বিৰুদ্ধে গৈ সময় নষ্ট কৰা, এনে কথাই কেনেকৈ অসুখী কৰি তুলিব পাৰে। সেই কথা অলপ বহলাই বাখ্যা কৰিছোঁ৷ ধৰা হ’ল বিয়লি চাৰি বজাত কিবা এটা জৰুৰী কাম আছে৷ কিন্তু তিনি বজাত অন্য কোনোবাই বেলেগ এঠাইলৈ লগ ধৰিলে, যাবলগীয়া হ’ল ন’ ক’ব নোৱাৰি৷ তেতিয়াই নিজৰ প্ৰয়োজনীয় কামটো ঠিকমতে কৰিব নোৱাৰাৰ দুখত দুখী হোৱাৰ গত্যন্তৰ নাই৷

নিজৰ ইচ্ছাৰ বিৰুদ্ধে কেতিয়াও হা কৈ বিপদ চপাই নোলোৱাৰ কিটিপ বহু দেৰিকৈ আয়ত্ব কৰিব পাৰিছোঁ৷ আনপিনে, ঘৰত পত্নী থকাসকলৰ বহুতেই বাহিৰত বেছি সময় দি ঘৰুৱা অশান্তি চপাই লোৱাটোও দুখবোধৰ নামান্তৰ মাথোন৷ এনে ক্ষেত্ৰত অইনক আনকি বন্ধু বান্ধৱকো সময়ত ন’ ক’ব শিকিব নোৱাৰিলে বহুত কষ্ট পোৱা যায় জীৱনত৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা আৰু এটা আছে- সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ দক্ষতা অৰ্জন কৰাটো জীয়াই থকাৰ কলা৷ বহু কম মানুহৰ এনে দক্ষতা থাকে৷

নিজে নিজৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লওঁক, কিন্তু নিজে শুদ্ধ বুলি ভবা কোনো এটা সিদ্ধান্ত আনৰ ওপৰত জাপি নিদিব৷

পত্নী বা সন্তানৰ ওপৰতো জোৰকৈ কোনো সিদ্ধান্ত জাপি নিদিব৷ মৰমেৰে ভাল-বেয়া বুজাই দি তেওঁলোকক নিজে সিদ্ধান্ত লোৱাৰ সুযোগ দিব, তেওঁলোকো সুখী হ’ব, আৰু আপুনিও৷ আপোনাৰ বন্ধু বৰ্গ, সহকৰ্মীকো জোৰকৈ আপোনাৰ মত জাপি নিদিব৷ সকলো মানুহৰে জীৱন ধাৰণৰ প্ৰক্ৰিয়া বেলেগ, জীৱনবোধ বেলেগ, সিদ্ধান্ত লোৱাৰ কিটিপ কায়দা বেলেগ, অহংবোধ বেলেগ, সকলোকে আপুনি সুখী হ’বলৈ নিজে দুখী হ’ব নোৱাৰে। গতিকে, সকলোকে নিজস্বধৰণে জীৱন যাপন কৰিবলৈ দিয়ক, দেখিব আপুনিও সুখ অনুভৱ কৰিছে৷

এটা কথা খাটাং, এই পৃথিৱীত আপোনাৰ জীৱনকালত লগ পোৱা এক লাখ মান মানুহৰ এশজনকো আপুনি বিচৰাধৰণে সুখী কৰিব নোৱাৰে। এশ কিয়, দহজনকো সুখী কৰাটো সম্ভৱ যেন নালাগে। যদি আপুনি অসাধাৰণ ব্যক্তি বা ৰাজনৈতিক নেতা বা অন্যধৰণে প্ৰতিভাশালী নহয়। গতিকে, সকলোকে সুখী কৰাৰ ধাৰণা পৰিত্যাগ কৰক, নিজকে সুখী কৰিবলৈ চেষ্টা কৰক৷ নিজকে সুখী কৰা মানে, আত্মকেন্দ্ৰিক বা স্বাৰ্থপৰতা নহয়, নিজকে সুখী কৰা মানে আনকো সুখী কৰা৷

সকলোৱে নিজকে সুখী কৰিব পাৰিলে, নিজস্বধৰণে সকলো সুখী হৈ পৰিব৷ এয়া বিশ্বাস৷ নিজে সুখী হোৱা মানে আকৌ ফুল ভলিউমত সংগীত বজাই ওচৰ চুবুৰীয়াক অশান্তি কৰাটো নহয়, নিজে সুখী হোৱা মানে ৱাকমেনত গীত শুনিও সুখী হ’ব পাৰিব লাগিব৷ নিজে সুখী হোৱা মানে আনক অসুবিধাত পেলাই, আনক কষ্ট বা আঘাত দি সুখী হোৱাটো নহয়৷ আনৰ সুখত সুখী, আনৰ দুখত দুখী হোৱাটোও একপ্ৰকাৰ সুখ৷ আচলতে আমি লগ পোৱা বেছি আবেগপ্ৰৱণ মানুহবোৰো বেছি অসুখী৷ আবেগক নিয়ন্ত্ৰণত ৰাখি সুখী হ’ব পৰাটোও জীৱনৰ এক কৃতিত্ব৷

Related Articles

Leave a Reply

Close