অসম

আবকাৰী বিভাগৰ গাফিলতিৰ বাবে খুমটাইত বাঢ়িছে অবৈধ মদৰ বেহা

প্ৰথম খবৰ,খুমটাই : গোলাঘাট জিলাৰ খুমটাই মৌজাৰ বহু কেইখন গাওঁত এতিয়া সহজ লভ্য হৈ পৰিছে অবৈধ মদৰ বেহা । উল্লেখ যে প্ৰথম খবৰ অনুসন্ধানত পোহৰলৈ আহিছে বৃহত্তৰ খুমটাই অঞ্চলত থকা প্ৰায় কুৰিটাতকৈ অধিক সৰু বৰ চুলাই মদৰ ঘাটি । খুমটাই, চংকলা, কচুপথাৰ ,গেলেকীয়াল, ঠেঙাল, বৰুৱাগাওঁ বনগাঁও আদি অঞ্চলৰ ৰাস্তা কাষৰ ধাবা, পান দোকান, গেলামালৰ দোকান, গুমতি আদিও হৈ পৰিছে অস্থায়ী মদৰ ঘাটি । অবৈধভাৱে গঢ় লৈ উঠা চুলাই মদৰ ভাটি আৰু বিদেশী সুৰাৰ দোকান সমূহে বৃহত্তৰ অঞ্চলটোৰ সামাজিক তথা শৈশিক পৰিবেশ বিনষ্ট কৰিছে এই অভিযোগ স্থানীয় সচেতন ৰাইজৰ । তাৎপৰ্য পূৰ্ণ কথা যে খুমটাই অঞ্চলৰ জনকৈ কেইজন গেলামাল দোকানীয়ে লালি গুৰ গৰুক খোৱাবলৈ বুলি আনি অধিক মুনাফা লাভ কৰি চুলাই মদ বনোৱা জনকৈ ব্যক্তি সকলক বহু বছৰ ধৰি যোগান ধৰি আহিছে ।
এই অবৈধভাৱে গঢ় লৈ উঠা মদৰ ঘাটি সমূহ সোনকালে ভাঙি উচ্ছেদ কৰিবলৈ আবকাৰী বিভাগক স্থানীয় সচেতন ৰাইজে বহুবাৰ দাবী জনাই আহিছে যদিও আজিকোপতি কোনো কানসাৰ দিয়া নাই গোলাঘাট জিলাৰ আবকাৰী বিভাগটোৱে ।

Related Articles

Leave a Reply

Close