অসমশীৰ্ষ

আমগুৰিত ধোদৰ আলি অৱৰোধ যুৱ ছাত্ৰ পৰিষদৰ

প্ৰথম খবৰ,আমগুৰি: গড়কাপ্তানি বিভাগৰ অকৰ্মণ্যতাৰ বাবে আমগুৰিৰ বহু পথ বিধ্বস্থ হৈ পৰিছে। যাৰ পৰিনতিত আজি জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিকে আজি পুৱাৰে পৰা ধোদৰ আলি অৱৰোধ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে। জাতীয় সংগঠনটোৰ নেতৃত্বত ওলাই অহা ক্ষুব্ধ জনতাই দেওৰজাৰ পৰা অভয়পুৰীয়া খাটোৱাল সংযোগী পথ বালিপথাৰ আৰু চেওনি আলি নিৰ্মান কৰাৰ দাবী কৰে। উল্লেখ্য যে জাতীয় সংগঠনটোৱে কিছুদিন পূৰ্বে গ্ৰাম্য পথ উপ সংমণ্ডলৰ আমগুৰি কাৰ্যালয় ঘেৰাও কৰি উক্ত পথ কেইটা নিৰ্মানৰ দাবী কৰিছিল।কিন্তু সংশ্লিষ্ট বিভাগে পথ কেইটা নিৰ্মানৰ কোনো ব্যৱস্থা নকৰে।

Related Articles

Leave a Reply

Close