অসম

আমগুৰি ক্লাবৰ প্ৰতিষ্ঠাপক ডা নৰেন বৰুৱাৰ মৃত্যু

প্ৰথম খবৰ,আমগুৰি: আমগুৰি ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট চিকিৎসক ডাঃ নৰেন বৰুৱাৰ আজি মৃত্যু হয়। বৃক্ক ৰোগত আক্ৰান্ত হোৱা চিকিৎসক গৰাকী আজি চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড়ত মৃত্যু হয়। বিশিষ্ট চিকিৎসক গৰাকীয়ে ১৯৮৯ চনত বিশেষ উদ্যোগ লৈ আমগুৰি ক্লাব প্ৰতিষ্ঠা কৰি মৃত্যুৰ সময়লৈকে সভাপতিৰ দায়িত্বত আছিল। প্ৰয়াত চিকিৎসক গৰাকীৰ মৃত্যুত অামগুৰি ক্লাবৰ সাধাৰণ সম্পাদক মুজিদ আলি , টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক গৌতম দিহিঙ্গীয়া, আহোম সেনাৰ কেন্দ্ৰীয় মুখ্য সংগঠনিক সচিব ৰমেন গগৈ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ জিলা সহ সম্পাদক পল্লৱজ্যোতি গগৈ আদিয়ে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। চিকিৎসক গৰাকীয়ে মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী কন্যা এৰি গৈছে।

Related Articles

Leave a Reply

Close