বিনোদনশীৰ্ষ

আৰম্ভ হ’ল বৃন্দাবন থিয়েটাৰৰ আখৰা

নিউজ ডেস্ক, প্ৰথম খবৰঃ অসমবাসীৰ বাবে মনোৰঞ্জনৰ এক অপ্ৰতিদ্বন্দী আহিলা হ’ল ভ্ৰাম্যমাণ থিয়েটাৰ। অসমৰ ইতিহাসৰ পৃষ্ঠাত বহুকেইখন থিয়েটাৰে নিজৰ নাম সোণালী অাখৰেৰে লিখিবলৈও সক্ষম হৈছে। ব্যতিক্ৰম নহয় বৃন্দাবন থিয়েটাৰ। বিগত বছৰত গ্লেমাৰবিহীন শিল্পী তথা কলা-কুশলীয়ে ‘ৰোমাঞ্চ’, নামৰ নাটকখনেৰে প্ৰতিজন দৰ্শকৰ মনত এক অভূতপূৰ্ব প্ৰভাৱ পেলাই থৈ গ’ল। এইবাৰো থিয়েটাৰখনৰ পৰা বহু আশা কৰিছে দৰ্শকে। সেই কথালৈ লক্ষ্য ৰাখি আজি আনুষ্ঠানিক ভাৱে চন্দ্ৰপুৰত মুকলি কৰা হয় বৃন্দাবন থিয়েটাৰৰ অাখৰা গৃহ। ২০১৭-১৮ বৰ্ষত বৃন্দাবন থিয়েটাৰৰ মঞ্চত মঞ্চস্থ কৰা হ’ব জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ ৩ খনকৈ নাট। নাটকেইখন ক্ৰমে সেন্দুৰ, মহাষ্টমী আৰু ৰজা ৰাণীৰ সংসাৰ আৰু অভিনয় কৰিব অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা উৎপল দাস, অংকীতা, গুঞ্জন চৌধুৰীকে আদি কৰি বহুকেইজন বলিষ্ঠ অভিনেতা- অভিনেত্ৰীয়ে। থিয়েটাৰখনৰ সংগীত ব্যৱস্থাপনা তৰালী শৰ্মা, অজয় ফুকন আৰু পৰাণ বৰকটকীৰ। প্ৰযোজকৰ আশা বিগত বছৰকেইটাত ৰাইজে বৃন্দাবন থিয়েটাৰক দিয়া মৰম তথা আশীৰ্বাদক ম্লান পৰিব নিদিয়ে ২০১৭-১৮ বৰ্ষৰ নাট্যদলটোৱে |

Related Articles

Leave a Reply

Close