অসমশীৰ্ষ

ইয়াকুব হত্যাৰ প্ৰতিবাদত আহ্বায়িত বন্ধত স্তব্ধ গোৱালপাৰা

প্ৰথম খৱৰ,গোৱালপাৰা: গোৱালপাৰা জিলা আমছুৱে আহ্বান জনোৱা আজিৰ দহ ঘণ্টীয়া গোৱালপাৰা জিলা বন্ধৰ প্ৰভাৱ সম্পুৰ্ণৰূপে পৰিছে জিলাখনত। ৰাতিপুৱা ৬ বজাৰ পৰা আৱেলি ৪ বজালৈ আহ্বান জনোৱা এই বন্ধত স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱন যাত্ৰা। বন্ধ হৈ পৰে দোকান বজাৰ সমুহ। যান বাহনৰো চলাচল জিলাখনত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। আৰক্ষীও চৌদিশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰিছে। উল্লেখ্য, যোৱা ৩০ জুনৰ খাৰবোজা কাণ্ডত আৰক্ষীৰ গুলিত নিহত হোৱা য়াকুব আলিৰ পৰিয়ালক ক্ষতিপুৰন আৰু সম্পুৰ্ণ ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি এই বন্ধৰ আহ্বান জনাইছে আমছুৱে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close