অসম

ইয়াকুব হত্যাৰ প্ৰতিবাদত গোৱালপাৰাত মুখত কলা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘট এ আই ইউ ডি এফৰ

প্ৰথম খবৰ,গোৱালপাৰা: আজিও যেন শাম কটা নাই ৩০ জুনৰ খাৰবোজা কাণ্ডৰ। অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। উক্ত  ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি আজিও বিভিন্ন দল সংগঠনে চলাই আহিছে প্ৰতিবাদী কাৰ্য্যসূচী। একে দৰে আজি গোৱালপাৰা চহৰতো এ আই ইউ ডি এফে ৰূপায়ন কৰে কৰে এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী। চহৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত আজি এ আই ইউ ডি এফৰ কেবা শতাধিক লোকে মুখত কলা কাপোৰ বান্ধি দিনৰ ১ বজাৰ পৰা ২ বজালৈ এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মূখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰন কৰে। পত্ৰখনত উল্লেখিত দাবী সমূহ হ’ল, ৩০ জুনৰ খাৰবোজা ঘটনাৰ বাবে উচ্চ ন্যায়লয়ৰ অধিৱক্তাৰ দ্বাৰা ন্যায়িক তদন্ত হব লাগে, ঘটনাৰ লগত জড়িত আৰক্ষী বিষয়া আৰু এ পি টি এফৰ জোৱানজনক চাকৰিৰ পৰা নিলম্বন কৰি গ্ৰেপ্তাৰ কৰিব লাগে, আৰক্ষী প্ৰশাসনে নিৰ্মম ভাৱে হত্যা কৰা ইয়াকুবৰ পৰিয়ালক দহলাখ টকাৰ সাহাৰ্য্য আৰু পৰিয়ালৰ লোকক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে আহত সকলকো পাঁচ লাখকৈ সাহাৰ্য্য আগবঢ়াব লাগে। অতি শীঘ্ৰে দাবী সমূহ মানি নললে অনাগত দিনত পুনৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহন কৰিব বুলিও কয়।

Related Articles

Leave a Reply

Close