বিনোদনসাক্ষাৎকাৰ

উজানবজাৰৰপৰা বলিউডৰ বৰঘৰলৈ যাত্ৰা বলোৰাম দাসৰ

বিউটীফুল লাইভছ, অন্তৰীণৰ দৰে চলচ্চিত্ৰত অভিনয় কৰা অসমৰ অভিনেতা বলোৰাম দাসে এতিয়া বলিউডতো খোপনি পুতিবলৈ আৰম্ভ কৰিছে। বলিউডৰ একাধিক চিনেমাৰ কামত ব্যস্ত হৈ থকা অভিনেতাগৰাকীয়ে ইতিমধ্যে বিগ-বিৰ সৈতে এড ফিল্মত কাম কৰিছে। এইগৰাকী অভিনেতাৰ সৈতে প্ৰথম খবৰৰ হৈ বাৰ্তালাপ কৰিছিল মমিতা গগৈয়ে।

১৯৩৫ চনৰপৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে অসমীয়া চলচ্চিত্ৰ জগতখন বয়সৰ ফালৰপৰা যথেষ্ট চহকী হৈছে। সেই অনুপাতে দাক্ষিণাত্যৰ চিনেমাৰ সৈতে অসমীয়া চিনেমাই ফেৰ মাৰিব পৰা নাই। কিয় ফেৰ মাৰিব পৰা নাই? সেই সম্পৰ্কত কি ক?

ইয়াৰ দুটা পক্ষ আছে। এটা পক্ষ এইটো যে আমি টেকনিকেল ফালৰপৰা সিমানখিনি আগবঢ়া নাই। কনচেপ্ট লেভেলত বা এক্টিং লেভেলত বস্তুখিনি চাই, তেতিয়া বহুখিনি আগবাঢ়িছে আগতকৈ। এনেকুৱা নহয় যে তেওঁলোকৰ লগত খাপ খাব পৰা নহয়। টেকনিকেলি আমি কেপচাৰ কৰিব পৰা নাই কাৰণে লগতে আমাৰ বজাৰ খন খুব এটা ডাঙৰ নহয়। সিহঁতৰ বাহিৰতো বজাৰখন আছে। মানে গ্লোবেলাইজ হয়। যদি মই ধৰক ১ কোটি টকা এটা খৰচ কৰি চিনেমা এখন বনাওঁ সেই টকাখিনি যদি নুঠে তেন্তে কোনে বনাব চিনেমা। উদাহৰণ হিচাপে বাহুবলীৰ কথাকে ধৰিব পাৰা। সিহঁতৰ বজাৰখন ইমানেই গ্লোবেলাইজ হয় যে ১০০ কোটি টকা খৰচ কৰিও প্ৰায় এহেজাৰ কোটি টকা সিহঁতে ঘূৰাই পায়। গতিকে সেই বজাৰখন আমাৰ হাতত নাই। সেই কাৰণে টেকনিকেল বিষয়ত আমি ইমান আগবাঢ়িব পৰা নাই। কিন্তু কনচেপ্ট লেভেলত যদি চোৱা, কথা নদীয়ে হওঁক বা বিউটীফুল লাইভছে চোৱা সিহঁতৰ ক্ষেত্ৰত অলপো কম নোপোৱা। এতিয়াতো আৰু ভাল ভাল অসমীয়া চিনেমা আহি আছে। হয়তো অসমক এটা বেলেগ লেভেলত লৈ যাব পাৰিব। গতিকে মই নাভাবোঁ যে আমি কোনো ক্ষেত্ৰতে পিছপৰা। এই প্ৰশ্নটো আপোনালোকে হয়তো অন্তৰীণ নতুবা জাহ্নু বৰুৱাৰ চিনেমা চালে ভালদৰে বুজিব পাৰিব।

আপুনি নেচনেল স্কুল অব ড্ৰামাত পঢ়িছিল। আপোনাৰ ঘৰ উজান বজাৰত। একেবাৰে সাধাৰণ ঘৰৰ লৰা আছিল। তাত আপুনি কেনেদৰে স্থান পালে?

১৯৯২ চনৰপৰাই মই নাটকৰ লগত জড়িত। বলীন চৌধুৰীৰ লগত মই সৰুৰেপৰা কলেজীয়া জীৱনৰলৈকে একেলগে নাটক কৰি আহিছিলো। এনএছডি পাছ আউট মানুহৰ লগত মই আগতে কেতিয়াও কাম কৰা নাছিলো। বিভিন্ন প্ৰতিযোগিতাবিলাকত নাটক কৰিছিলো। কিন্তু যেতিয়া ডিগ্ৰী পালোঁ তেতিয়া লাহেকৈ নাটক কৰাটো কমাই দিলোঁ। তাৰ পাছত এদিন ৰবীন্দ্ৰ ভৱনত এখন নাটক চাবলৈ গলোঁ। তেওঁলোকৰ সম্পূৰ্ণ অভিনয়, লাইট আদি সকলোবোৰ দেখি আচৰিত হলোঁ। ভাবিলো এই গ্ৰুপটো কৰ হয়। তাৰ পাছত গম পালোঁ তেওঁলোক নেচনেল স্কুল অব ড্ৰামাৰ এটা কিবা নাটক কোম্পানীৰ হয়। লগে লগে মই নেটত ছাৰ্চ কৰিলোঁ। এইটো ২০০৩ৰ কথা। ২০০৪ত ডিগ্ৰী কমপ্লিট কৰি ভাবিলোঁ, দিল্লীৰ এন এছ ডিত যাম। লগতে গম পালোঁ প্ৰতিমাহে ৩০০০ হেজাৰ টকাকৈ তাৰপৰা পাম। যিহেতু মই ইমান আৰ্থিকভাৱে স্বচ্ছল ঘৰৰ নাছিলোঁ, গতিকে যেতিয়া মই ঘৰত মা-দেউতাক সকলোবোৰ কথা কওঁ তেতিয়া মাহঁতে মোক দিল্লীলৈ যাবলৈ অনুমিত দিয়ে। প্ৰথমবাৰ এনএছডিত এপ্লাই কৰিলো যদিও নাপালোঁ। তাৰ পাছত মই এনএছডিৰ বিভিন্ন বিষয়াসকলক লগ ধৰি ইয়াৰ বিষয়ে ভালদৰে জানিবলৈ চেষ্টা কৰি লওঁ। দিল্লীত থাকোতে মই সৰুকৈ এটা চাকৰিও কৰি আছিলো। যিহেতু প্ৰথমবাৰ একো প্ৰিপাৰেচন নোহোৱাকৈ যোৱা কাৰণে নাপালোঁ গতিকে ঘৰলৈ ঘূৰি আহিয়ে আকৌ ২০০৬ চনত এনএছডিত যোৱাৰ বাবে তেওঁলোকক ফোন কৰোঁ। আৰু ২০০৬ত মই সঁচাকৈ এনএছডিত চিট পাই গলোঁ। সেয়াই মোৰ অভিনয় আৰু এনএছডিলৈ যাত্ৰা।

আপুনি এন এছ ডিত পঢ়ি থকাৰ সময়ত বলিউডৰ কোনোবা অভিনেতা-অভিনেত্ৰীক লগ পাইছিল নেকি?

পাইছিলোঁ। আমাক ক্লাছ লবলৈ আহিছিল আদিল হুছেইন, ৰাজপাল যাদৱ আহিছিল আমাৰ এনএছডি কেম্পাছত। বলিউডৰ বাহিৰে ৰাছিয়াৰ পৰাও এজন প্ৰযোজক আহিছিল। এনেকৈ বলিউডৰপৰা হলিউডলৈকে বহুকেইজন অভিনেতা-প্ৰযোজক আদিক লগ পাইছিলো। গতিকে মই ভাবোঁ দিল্লীৰ এনএছডিতকৈ আৰু ভাল বেলেগ এক্টিং ইনষ্টিটিউট নাই। যত ৩ বছৰ শিকিও এনেকুৱা লাগিব যে বহুত কম সময় হল নেকি।

Related Articles

Leave a Reply

Close