অসম

উত্তৰ ধৰ্মপুৰত ৮০ গৰাকী কৃতিমানক ছাত্ৰ সন্থাৰ অভিনন্দন

প্ৰথম খবৰ, কৈঠালকুছি: উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মোহন বজাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত নলবাৰী জিলাৰ বালিজাৰস্থিত অসমী হাইস্কুলত আজি অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত উত্তৰ ধৰ্মপুৰ অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ পৰা ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীক মান-পত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়। লগতে অঞ্চলটোৰ ১০ খন শিক্ষানুষ্ঠানৰ মুৰব্বী সকলকো সম্বৰ্ধনা জনাই। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰি নিজৰ জন্মভূমি, নিজৰ মাতৃভাষা আৰু নিজৰ ভাষা ,সংস্কৃতি পাহৰি যোৱাটো উচিত নহয় বুলি উল্লেখ কৰে। সভাখনত সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমেন বৰ্মনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close