অসমশীৰ্ষ

এইবাৰ বাংগালোৰলৈ গণেশ আৰু চম্পা

প্ৰথম খবৰ, বোকাখাত: গণেশ গড়ৰ পাছত এইবাৰ চম্পা বাকচে আৰু গণেশ উৰিয়া বাংগালোৰলৈ। বোকাখাত নিৰ্মাণ গোটৰ উদ্যোগত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বত বাংগালোৰৰ নাৰায়ণা হ্ৰুদায়ালয় চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে বোকাখাতৰ পৰা প্ৰেৰণ কৰিছে চম্পা আৰু গণেশক। সোমবাৰে বোকাখাত শিশু গৃহৰপৰা চম্পা বাকচে আৰু গণেশ উৰিয়াক অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰপৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি উন্নত মানৰ চিকিৎসাৰ বাবে বাংগালোৰলৈ প্ৰেৰণ কৰিছে। কিছুদিনৰ আগতে বোকাখাত নিৰ্মাণ গোটৰ উদ্যোগত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত গণেশ গড় নামৰ শিশুটিক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি আনিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close