গ্ৰন্থযুৱসাহিত্য

এক অন্য যাত্ৰাৰ সংকল্পৰে আহি আছে f-বিয়ান

নিউজ ডেস্ক, প্ৰথম খবৰ: ছ’চিয়েল মিডিয়াক লৈ বিভিন্নজনক অসন্তুষ্টি শেহতীয়াকৈ গা কৰি উঠিছে। হকে-বিহকে কৰা মন্তব্য অথবা কাৰোবাৰ কৰা প্ৰতি সন্মানহানিকৰ মন্তব্যৰ বাবে ছ’চিয়েল মিডিয়াক ছ’চিয়েল ডিফেমেচন মিডিয়া বুলিও তুচ্চ-তাচ্চিল্য কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়া বা সামাজিক গণমাধ্যমৰ এক নতুন দিগন্ত উন্মোচন কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন খণ্ডত প্ৰতিষ্ঠিত একাংশ লোক। এওঁলোকে দেখুৱাবলৈ লৈছে ছ’চিয়েল মিডিয়াৰ যোগাত্মক ছবিখন।

ছ’চিয়েল মিডিয়াত আলোচিত বহু যোগাত্মক কথা ছপা মাধ্যমলৈ আনিবলৈ নিৰন্তৰ প্ৰয়াস চলিছে এই গোটটোৰ উদ্যোগত। শীঘ্ৰেই এই চিন্তা f-বিয়ান নামেৰে পাঠকৰ ওচৰলৈ আহিব। তেওঁলোকৰ কথাৰেই ক’বলৈ হ’লে, “সৰুয়ে হওক বা ডাঙৰেই হওক সৃষ্টি সদায় সৃষ্টি। সৃষ্টিত থাকে আত্মসন্তুষ্টি। সেই আত্মসন্তুষ্টিয়ে পৰৱৰ্তী সময়ত আন সৃষ্টিৰ বাবে প্ৰেৰণা দিয়ে। ইয়াৰ বাবে লাগে এখন নিৰ্দিষ্ট মঞ্চ। য’ত এনে সৃষ্টিবোৰৰ মূল্য বুজিব পৰা লোকৰ সমাবেশ ঘটে।”

ফেচবুকত চলা যোগাত্মক চিন্তা আৰু বিভিন্নজনৰ সৃষ্টিয়ে ছপা ৰূপলৈ অহাটো নিতান্তই ভাল খবৰ। ক’ব পাৰি f-বিয়ান মাথোঁ যোগাত্মক চিন্তাৰ এক আন্দোলন। এই আন্দোলন অৱশ্যে বাটে-পথে সৰৱ শ্লোগানেৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰা তথাকথিত আন্দোলন নহয়। শ্লোগান সৰ্বস্ব আন্দোলনৰ প্ৰতি আক্ষৰিকভাৱেই বিতশ্ৰদ্ধ টীম f-বিয়ান।

“আন্দোলনেৰে সকলো কাম আৰু সমস্যা সমাধান কৰিব নোৱাৰি। কিন্তু সুসংগঠিত আন্দোলনৰ প্ৰেক্ষাপটত দৃশ্যপট সলনি হয়। ইয়াৰ বাবে নিশ্চিত লক্ষ্যৰ প্ৰয়োজন হয়। বাটে-পথে শ্ল’গান দিয়া আন্দোলনেই কেৱল আন্দোলন নহয়। সৃষ্টিৰ মাজেৰেও আন্দোলনৰ বাট মোকলাব পাৰি। এই আন্দোলনে মননশীল জগতখনক সমৃদ্ধ কৰে।” এয়া তেওঁলোকৰ দৰ্শন। 

প্ৰকাশৰ পূৰ্বেই f-বিয়ানে ফেচবুকত সঁহাৰি লাভ কৰিছে। বহুতেই আগুৱাই আহি f-বিয়ানৰ যাত্ৰাত সমভাগী হৈছে। f-বিয়ানৰ সৈতে জড়িত হৈ পৰিছে। এই বৌদ্ধিক আন্দোলনত নিজকে বিলীন কৰি দি সুন্দৰ ভৱিষ্যতৰ সপোন দেখিছে। f-বিয়ান মাতে কেৱল মাথোঁ চৰ্চা নহয়। ই সময়ৰ আহ্বান। সমাজৰ প্ৰতি দায়বদ্ধতা। আৰু এই দায়বদ্ধতাৰেই এক সংঘবদ্ধ আৰম্ভণি f-বিয়ান।

“সকলো কামৰ এটা আৰম্ভণি থাকে। সকলো কামতে প্ৰত্যাহ্বান থাকে। প্ৰত্যাহ্বান নথকা কামত সন্তুষ্টি নাথাকে। বিশ্বাস আৰু বিভিন্নজনৰ আন্তৰিক সহযোগে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ এক পৰিৱেশ সৃষ্টি কৰে। এয়া অত্যুৎসাহ নহয়, এয়া এক দায়ৱদ্ধতা।”

“ছ’চিয়েল মিডিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশবোৰ আমি আওকাণ কৰি চলোঁ। সেয়া হ’ল বিভিন্নধৰণৰ গণমাধ্যমতকৈ এই মাধ্যম অধিক শক্তিশালী। কিন্তু ইয়াক সু-সংগঠিত কৰাৰ প্ৰয়াস কোনেও নকৰিলে। কৰিলেও বিভিন্ন কাৰণত সেইবোৰ অধিক সক্ৰিয় ৰূপত গঢ়ি তোলা নহয়। যোগাযোগকে ধৰি চৰ্চা, তথ্য আদান-প্ৰদান আৰু জনমত গঠনৰ শক্তিশালী মাধ্যমৰূপে এতিয়া ফেচবুকে নতুন মাত্ৰা পাইছে। ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰাটো ব্যক্তিগত বিষয়। স্বনিয়ন্ত্ৰিত এই মাধ্যমত কেৱল নিজৰ অধিকাৰ চলে। সেই স্বাধীনতাক কেনেদৰে ব্যৱহাৰ কৰিছে তাৰ ওপৰতো ইয়াৰ প্ৰভাৱ আৰু ভাৱমূৰ্তি সৃষ্টি হয়। প্ৰভাৱশালী বহু লোক এনে এক মঞ্চৰ পোষকতা নকৰে। সেয়া তেওঁলোকৰ ভুল নহয়। কিন্তু এনে এক মঞ্চৰ তৈয়াৰ কৰিব নোৱাৰাটো দীৰ্ঘসময়ধৰি অৱহেলিত হৈ অহা লোকসকলৰহে ডাঙৰ ভুল।”

f-বিয়ান, এয়া এক অন্য যাত্ৰা। কেইদিনমানৰ ভিৰতৰে ছপা আকাৰত ওলাই আহিব। সুস্থ চিন্তা আৰু সৃষ্টিৰ মেটমৰা সম্ভাৰ লৈ ওলাই আহিবলগীয়া এই প্ৰয়াসে নিশ্চিতভাৱে ব্যাপক প্ৰচাৰ লাভ কৰিছে। কিন্তু এই কথাও নহয় যে এই প্ৰয়াসলৈ কোনেও তৰ্জনী নিক্ষেপ কৰা নাই। বহুতেই তুচ্চ-তাচ্চিল্য কৰি কৰিছে। কিন্তু এই সন্দেহ অথবা প্ৰশ্নই তেওঁলোকৰ যাত্ৰাৰ গতিৰোধ কৰিব নোৱাৰে বুলি দাবী কৰিছে গোষ্ঠীটোৱে। যিসকলে তেওঁলোকলৈ সন্দেহৰ চকুৰে চাইছে, তেওঁলোকৰ প্ৰতিও গোষ্ঠীটোৰ উত্তৰ আছে। তেওঁলোকে প্ৰকাশ কৰিছে, “‘f-বিয়ান’ক লৈ ইতিমধ্যে যথেষ্ট চৰ্চা হৈছে। ‘f-বিয়ান’ৰ উদ্দেশ্য সন্দৰ্ভতো লিখা-মেলা কৰিছে বিভিন্নজনে। তাৰ পাছতো দুই-একে ‘f-বিয়ান’ কি বুজি নোপোৱাকৈ থাকি গৈছে। সেয়া স্বাভাৱিক। ইতিমধ্যে ‘f-বিয়ান’ ১ৰ সম্পাদনাৰ কাম শেষ হোৱাৰ পথত। দুই-এদিনতে ‘f-বিয়ান’ ছপাশাললৈ যাব। তাৰ মাজতে ‘f-বিয়ান’ কি বুলি প্ৰশ্ন কৰা বা ‘f-বিয়ান’ক লৈ তুচ্ছ-তাচ্ছিল্য কৰাসকলক বিনম্ৰভাৱে দুটামান কথা জনোৱা উচিত হ’ব বুলি বোধহয়। ‘f-বিয়ান’ ল’ৰাধেমালি নহয়। সততাৰে কৰা কাম এইটো। সময়ৰ লগত খাপখুৱাই সৃষ্টিশীল আৰু ইতিবাচক লোকসকলৰ বাবেহে ‘f-বিয়ান’।  ‘f-বিয়ান’ত কাকো জোৰ-জবৰদস্তিৰে জড়িত কৰা হোৱা নাই। আন্তৰিকতা আৰু নিষ্ঠাৰে এই যাত্ৰাক আগুৱাই নিয়া হ’ব। ফেচবুকৰ পৰা ছপামাধ্যমত নিৰ্বাচিত চিন্তা-চৰ্চাক স্থায়িত্ব প্ৰদান কৰি ‘f-বিয়ান’ক অন্যতম শক্তিশালী মঞ্চৰূপে গঢ়ি তুলিবলৈ কেতিয়াও কৃপণালি কৰি নহয়। ‘f-বিয়ান’ৰ নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্য আছে। ই কোনো লবী বা ব্যক্তি বিশেষৰ দ্বাৰা পৰিচালিত নহয়।  ‘f-বিয়ান’ত কোনো সম্পাদক নাই। যিমান স্বাধীনভাৱে পাৰি ইয়াক সিমান স্বাধীন কৰিবলৈ চেষ্টা কৰা হৈছে।”

“‘f-বিয়ান’ মূলত এখন মুখপত্ৰ সদৃশ। বছৰত চাৰিটাকৈ সংখ্যা ইয়াৰ প্ৰকাশ হ’ব। তিনিমাহৰ মূৰে প্ৰকাশ হ’বলগা ‘f-বিয়ান’ সমূহ ‘f-বিয়ান-১, f-বিয়ান-২, f-বিয়ান-৩…’ ক্ৰমাংকৰে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। আচলতে ‘f-বিয়ান’ক চিৰিজ অব্ বুক্ছ আৰ্হিত প্ৰকাশৰ পৰিকল্পনা কৰা হৈছে।”

“বছেৰেকীয়া গ্ৰাহকৰ বাদে কাকোৱেই ‘f-বিয়ান’ ক্ৰয় কৰিবলৈ জোৰ কৰা নহয়।  ‘f-বিয়ান’ক লৈ কোনোৱাই নেতিবাচক দৃষ্টিভংগী পোষন কৰিলেও তাৰ উত্তৰ কথাৰ সলনি কামৰ মাজেৰে দিবলৈ আমি সংকল্পৱদ্ধ। ‘f-বিয়ান’ৰ লগত জড়িত প্ৰতিজন লোকেই আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ। ‘f-বিয়ান’ক এক মৰ্যাদাপূৰ্ণ মঞ্চৰূপে আমি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ।  যিকোনোধৰণৰ প্ৰত্যাহ্বান ইতিবাচকভাৱে গ্ৰহণ কৰিব পৰাকৈ আমি প্ৰস্তুত। ‘f-বিয়ানে’ সদায় সমালোচনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিব।  ‘f-বিয়ান’ত সকলোৰে বাবে দুৱাৰ খোলা। এই কথাখিনি স্পষ্ট কৰি দিয়া হৈছে পূৰ্বতেও। মুষ্টিমেয় কোনো লোকে ‘f-বিয়ান’ক লৈ তৰল মন্তব্য কৰাৰ আগতে এই কথা উপলব্ধি কৰা ভাল যে ‘f-বিয়ান’ কোনো বিতৰ্কৰ মাজত সোমাব নোখোজে। সেয়েহে সদায় ‘f-বিয়ান” বিতৰ্কৰ মাজৰ পৰা আঁতৰি থাকি সৃষ্টিশীল পৃথিবীখনতে সীমাৱদ্ধ থাকিব খোজে। ‘f-বিয়ানে’ বিশ্বাস কৰে- ‘A Negative mind will never give you a positive life’.”

প্ৰথম খবৰৰ ফালৰপৰা f-বিয়ানলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ ছ’চিয়েল মিডিয়াৰ প্ৰতি লাহে লাহে গঢ় লৈ উঠা নেতিবাচক দৃষ্টিভংগী কিছু পৰিমাণে হ’লেও সলনি কৰিবলৈ তেওঁলোক সফল হ’ব। সুস্থ আৰু সুক্ষ্ম চিন্তা তথা সৃষ্টিত বাটেৰে বাট বুলিবলৈ বহুতকে বাট দেখুৱাই দিবলৈ তেওঁলোক সক্ষম হওক।

Related Articles

Leave a Reply

Close