আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

এণ্টাৰ্কটিকাত হিমৰাশিৰ মাজত জীৱনৰ নতুন ইনিংছ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: নিজৰ বিবাহ অনুষ্ঠানখন স্মৰণীয় কৰি তুলিবলৈ বহুতেই বহুত কিবাকিবা কৰে। অত্যুৎসাহী বহুতেই কেতিয়াবা সমুদ্ৰৰ পানীৰ গভীৰতাত, কেতিয়াবা হেলিকপ্টাৰত বিয়া পতাৰ বাতৰিও আমি দেখিছোঁ।

এইবাৰ এণ্টাৰ্কটিকাৰ বৰফৰ মাজত বিবাহ সম্পন্ন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এক নৱদম্পতীয়ে। দক্ষিণ মেৰুত অৱস্থিত এণ্টাৰ্কটিকাৰ ৯৮ শতাংশ স্থানেই বৰফেৰে আবৃত। নিম্নতম মাইনাছ ৬৩ ডিগ্ৰী পৰ্যন্ত তাপমান ইয়াত। গতিকে এণ্টাৰ্কটিকাত স্থায়ীভাৱে বসবাস কৰাটোৱেই সম্ভৱ নহয়। কিন্তু এনে পৰিৱেশৰ মাজতে বিবাহ সম্পন্ন কৰিছে এই যুটীয়ে।

বছৰে প্ৰায় চাৰি-পাঁচহাজাৰ মানুহে গৱেষণাৰ কামত এণ্টাৰ্কটিকালৈ যায়। হিমশীতল এই পৰিৱেশত সকলোকে অবাক কৰি বিবাহ সম্পন্ন কৰা এই যুটী হৈছে জুলি বাউম আৰু টম ছিলভেষ্টাৰ। এণ্টাৰ্কটিকাৰ সৈতে তেওঁলোকৰ সম্পৰ্কও বহুদিনৰ। দুয়ো পেছাত পোলাৰ অঞ্চলৰ গাইড হিচাপে কাম কৰি আহিছে। সেইবাবেই হয়তো তেওঁলোকৰ বিবাহৰ বাবে পছন্দৰ ঠাই এণ্টাৰ্কটিকা। তেওঁলোকে বিচাৰিছিল এণ্টাৰ্কটিকাত জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ।

কথামতেই কাম। এণ্টাৰ্কটিকাৰ মাইনাছ ৯ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰাত তেওঁলোকৰ বিয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ল। বিয়াত অতিথি হিচাপে আছিল ব্ৰিটিছ এণ্টাৰ্কটিক ছাৰ্ভে চেণ্টাৰত কাম কৰা কিছু কৰ্মী। কোনো আত্মীয় উপস্থিত নাছিল তেওঁলোকৰ বিবাহ অনুষ্ঠানত। বিয়ালৈ নিমন্ত্ৰণ কৰিলেওযে তেওঁলোকৰ আত্মীয়-কুটুম্ব এণ্টাৰ্কটিকালৈ গ’লহেঁতেন তাত সন্দেহ আছে।

জুলি বাউম আৰু টম ছিলভেষ্টাৰৰ এই বিয়াখন এণ্টাৰ্কটিকাৰ প্ৰথম বিবাহ অনুষ্ঠান বুলি দাবী কৰা হয়। কিন্তু জেনেট হেছিয়ে আৰু জৰ্জ য়ং নামৰ আন এক দম্পতীয়েও দাবী কৰে যে তেওঁলোকে এবছৰ পূৰ্বেই এণ্টাৰ্কটিকাত বিবাহ অনুষ্ঠান সম্পন্ন কৰিছিল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close