অসম

এপ্ৰেক্স বেংক কৰ্মচাৰী সংঘৰ উদ্যোগত বান সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, বিহপুৰীয়া: এপ্ৰেক্স বেংক কৰ্মচাৰী সংঘৰ উদ্যোগত বিহপুৰীয়া শাখাৰ সহযোগত আজি বিহপুৰীয়াৰ বন্যাৰ্তসকলৰ ওচৰত উপস্থিত হ’ল  সংঘৰ বিষয়ববীয়া আৰু কৰ্মচাৰী সকল৷ সংঘৰ কৰ্মচাৰী আৰু বিষয়ববীয়াসকলে লখিমপুৰ জিলাখনৰ ভিতৰত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা গনখৱাটী, সাকুপাৰা, আদি অঞ্চল সমূহৰ বন্যাৰ্ত সকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে দুখৰ সময়ত আগবঢ়ালে কিছু সাহাৰ্য ৷ এই উদ্দেশ্যৰে আজি দুপৰীয়া স্থানীয় অঞ্চলটোৰ বন্যাৰ্ত সকলৰ উপস্থিতিত বান সাহাৰ্য বিতৰণ কায্যসূচী শুভাৰাম্ভ কৰে বিহপুৰীয়া সমষ্টিৰ বৰ্ষিয়ান ৰাজনৈতিক নেতা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই। প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে  বান সাহাৰ্য বিতৰণ কাৰ্যসূচী শুভাৰাম্ভ কৰি ভাষণ প্ৰসঙ্গত বিহপুৰীয়াত সোৱণশিৰি আৰু ডিক্ৰং নদীৰ বলিয়া বানে সৃষ্টি কৰা প্ৰলয়ৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পিছতেই প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাবে এপ্ৰেক্স বেংক কৰ্মচাৰী সংঘৰ তৰফৰ পৰা আগবঢ়োৱা বান সাহাৰ্য বিতৰণ কৰে ৷ বিহপুৰীয়া বেংক শাখাৰ শাখা প্ৰৱন্ধক দুলাল শৰ্মাই আঁতধৰা বান সাহাৰ্য বিতৰণ কাৰ্যসূচীত বিহপুৰীয়া সদৰ থানাৰ আৰক্ষী বিষয়া ধনেশ্বৰ দাস কৰ্মচাৰী সংঘৰ কাৰ্যকৰী সভাপতি দীপাধৰ ডেকা, জ্যেষ্ঠ সদস্য কমলাকান্ত কলিতা, ৰঞ্জীত বৰুৱা, প্ৰবীন দাস, গহপুৰ শাখাৰ তৰফৰ পৰা সদস্য সীমান্ত শৰ্মা উপস্থিত থাকি বান সাহাৰ্য বিতৰণ কৰে ৷ চাউল , দালি , মিঠাতেল, বিশুদ্ধ খোৱাপানী লগতে নিত্য প্ৰয়োজনীয় কাপোৰ-কানি বিতৰণ কাৰ্যসূচীত স্থানীয় লোক সকলে অংশ গ্ৰহণ কৰে ৷ বান সাহাৰ্য বিতৰণ কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী  ডিম্বেশ্বৰ বৰা আৰু স্থানীয় গাঁওবুঢ়াৰ সহযোগিতা আগবঢ়াই ৷ বন্যাৰ্ত সকলে বান সাহাৰ্য লাভ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে বেংক কৰ্মচাৰী সকলে বন্যাৰ্ত সকলৰ কল্যানৰ অৰ্থে লোৱা এনে পদক্ষেপক বন্যাৰ্ত তথা সৰ্বহাৰা সকলে শলাগ লৈছে ৷ আগন্তুক সময়তো দুৰ্গতসকলৰ কল্যাণৰ হকে এনেধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ বেংক কৰ্মচাৰী সংঘক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close