অসম

ওদালগুৰিত আছুৰ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ,ওদালগুৰি: ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত ওদালগুৰি বিষ্ণু-ৰাভা কৃষ্টি সংঘত আজি অনুষ্ঠিত এক অভিনন্দন অনুষ্ঠানত।ওদালগুৰিৰ দুই শতাধিক কৃতি ছাত্ৰ -ছাত্ৰীক ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে অভিনন্দন জনোৱা হয় ।ওদালগুৰি জিলা ছাত্ৰ সন্হাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আনুকষ্ঠানিক ভাৱে মুকলি কৰে আছুৰ সহ-সম্পাদক দুলদুল বৰকাকতীয়ে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীসকলক সফল হ’বৰ বাবে কঠোৰভাৱে পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই অনুষ্ঠানত আছুৰ সহ-সম্পাদক জয়ন্ত ভট্টাচাৰ্য আৰু ৰাজ্যিক সদস্য বিতোপন দাসেও অংশগ্ৰহন কৰে।

Related Articles

Leave a Reply

Close