অসমশীৰ্ষ

ওদালগুৰিত শ্বহীদ দুৰ্গামল্লৰ প্ৰতিমুৰ্ত্তি ভাঙিলে দুৰ্বৃত্তই

প্ৰথম খবৰ,ওদালগুৰি: ওদালগুৰিৰ খাউৰাঙত স্থাপন কৰা স্বাধীনতা সংগ্ৰামী শ্বহীদ মেজৰ দুৰ্গামল্লৰ প্ৰতিমুৰ্তিটো যোৱা নিশা কোনো দুৰ্বৃত্তই ভাঙি পেলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ওদালগুৰিত। দিল্লী সংসদ ভৱনৰ সন্মুখত নিৰ্মাণ কৰা দেশৰ শ্বহীদ গৰাকীক লৈ গৌৰৱবোধ কৰে অসমৰ গোৰ্খা সকলেও। সেয়ে ওদালগুৰিটো নিৰ্মাণ কৰিছিল শ্বহীদ গৰাকীৰ এটি বিশাল প্ৰতিমুৰ্তি। কিন্তু যোৱা নিশা কোনো দুৰ্বৃত্তই প্ৰতিমুৰ্তিটো ভাঙি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে যদিও স্বাধীনতা সংগ্ৰামী এগৰাকীৰ প্ৰতিমুৰ্তি দুৰ্বৃত্তই এনেদৰে ভাঙি পেলোৱাৰ পিছতো জিলা প্ৰশাসনৰ মুৰব্বীগৰাকী ঘটনাস্থলীত উপস্থিত নোৱাটো চৰম হেমাহি বুলি অভিযোগ কৰে ৰাইজে। ১২ ঘন্টাৰ ভিতৰত দুৰ্বৃত্তক আটক কৰাৰ দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close