অসম

কংগ্ৰেছ নেত্ৰী প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন

প্ৰথম খবৰ,চাংসাৰি : কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী উত্তৰা কলিতাৰ আজি দিনৰ ১১-৩০ মান বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেখেতৰ নশ্বৰ দেহ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যলয় ৰাজীৱ ভবনলৈ নিয়া হয় আৰু তাতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে দলীয় কৰ্মী আৰু সমষ্টি বাসীয়ে শেষশ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে যোৱাকালি ১৫ জুলাই শণিবাৰে আবেলি ৰোগাক্ৰান্ত নেত্ৰী গৰাকীক গুৱাহাটীস্হিত নিজ বাসভৱনৰ পৰা ইন্টাৰনেচনেল হস্পিতালত চিকিৎসাৰ বাবে নিয়াৰ পিছতে ৪ মান বজাত পৰলোক প্ৰাপ্তি ঘটে । কংগ্ৰেছ নেত্ৰী তথা সৰবৰহী মহিলা উত্তৰা কলিতাই প্ৰায় ৬৫ বছৰ বয়সতে মধুমেহ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লবলগীয়া হোৱাত সমগ্ৰ কামৰূপৰ লগতে অসমৰ কংগ্ৰেছ মহলতো শোঁকৰ ছাঁ পৰিছে । গুৱাহাটী মহানগৰীৰ বাসিন্দা কমলপুৰৰ বোৱাৰী তথা প্ৰাক্তন কমলপুৰ সমষ্টিৰ বিধায়িকা ও সংসদীয় সচিব উত্তৰা কলিতাৰ মৃত্যুত কংগ্ৰেছ দলত এক অপূৰণীয় ক্ষতি হোৱাৰ কথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ লগতে অন্য নেতাসকলে ব্যক্ত কৰিছে । কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক কমলপুৰৰ বাসিন্দা প্ৰয়াত বেণুধৰ কলিতাৰ পত্নী প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ মৃত্যুত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা , অৰাজনৈতিক সংগঠন ঐক্য সেনা অসমৰ মুখপাত্ৰ ও সাংবাদিক পঙ্কজ নাথ, কমলপুৰৰ স্থানীয় বিধায়ক সত্যব্ৰত কলিতা, প্ৰাক্তন বিধায়ক যাদব ডেকা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা , ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনেশ্যাম কলিতা, ৰঙিয়া মহকুমা প্ৰেছ এছচিয়েশ্বনৰ বিষয়ববীয়া, কমলপুৰ প্ৰেছ ক্লাৱ, জালুকবাৰী, ৰঙিয়া আৰু কমলপুৰ এন এছ ইউ আই, যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ বিষয়ববীয়া ও সদস্য – সদস্যা সকল, জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ সক্ৰিয় নেতা ও বিশিষ্ট সমাজকৰ্মী বাপুকণ আলী, যুৱনেতা তাচলিম আহমেদ, জিএচআৰ এনজিঅ’ সভাপতি চাৰ্জিবুল হক চৌধুৰী , বাইহাটা চাৰিআলি শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক জিয়াউল হক, সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি তথা সমাজ সেৱক বিপুল শৰ্মা , সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ গোস্বামী, সাধাৰণ সম্পাদক ৰবিন দাস, মূখ্য উপদেষ্টা গোলক চন্দ্ৰ কলিতা আৰু জয়ন্ত গোস্বামী, মঙ্গলদৈ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মুকুল চৌধুৰী, বিহদিয়া ব্লক কংগ্ৰেছৰ সভাপতি উমেশ চৌধুৰী, ৰঙিয়া সমষ্টিৰ যুৱনেতা নুৰনিয়াজ আহমেদকে ধৰি বিভিন্ন ব্যক্তি ও দল- সংগঠনে কংগ্ৰেছ নেত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰি কংগ্ৰেছ নেত্ৰী উত্তৰা কলিতাৰ দুই সন্তানৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close