যুৱশীৰ্ষ

কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ সমান্তৰালভাৱে সৌন্দৰ্যৰ পৃথিৱীত ৰাফ এণ্ড ছুইট ভায়লিনা

গৌতম হাজৰিকা

বান বিধস্ত ধেমাজিৰ বুকুত উমলি জামলি শৈশৱ পৰা কৰা প্ৰচুৰ আত্মবিশ্বাসী এগৰাকী মডেল ভায়লিনা বৰা। দুৰ্গা প্ৰসাদ বৰা আৰু চেনেহলতা বৰাৰ জেষ্ঠ কন্যা ভায়লিনাই কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰি থকাৰ লগতে নিজৰ মডেলিং কেৰিয়াৰো চলাই নিছে সমানে। ভ্ৰমণ বিলাসী ভায়লিনা সৰুৰেপৰা গান আৰু খেলা ধূলাৰ প্ৰতি বিশেষ আগ্ৰহী। সমান্তৰালভাৱে মডেলিং জগতৰ প্ৰতিও আছিল দুৰ্বল।

তেওঁ মনতে সপোন ৰাখিছিল এগৰাকী সফল মডেল তথা অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা। কিন্তু অভিভাৱকে দিলে এই ক্ষেত্ৰত বাধা।

বহুত বুজাই পিতৃ-মাতৃক সন্মত কৰিলে তেওঁ। আৰু ফেচবুক বন্ধু অৰিন্দম হাজৰিকাৰ জৰিয়তে চিনাকি হ’ল পিংকভিল্লাৰ ভাস্কৰ শইকীয়াৰ লগত। ভাস্কৰ শইকীয়াক গুৰু মানি ভায়লিনা আগুৱাই গৈছে মডেলিং জগতত। নিছাৰ আহমেদ, ৰক্তিম বিকাশ বৰা, সৌৰভ জ্যোতি হাজৰিকাৰ লগত কৰা ফটোশ্বুটৰ জৰিয়তে ভায়লিনাই বহু আলোচনীৰ পৃষ্ঠা শুৱনি কৰিছে।

দেউতাকৰ কৰ্ম সূত্ৰে যোৰহাটত থকা সময়ত বিজয় বৰা নামৰ প্ৰশিক্ষকৰ ওচৰত লৈছিল কেৰাটেৰ প্ৰশিক্ষণ। কিন্তু পঢ়াৰ হেঁচাৰ বাবে তেওঁ সেই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নহ’ল। তথাপি আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো কিটিপ তেওঁ জানে। আনকি বাইক চলোৱা তাই আন এক নিচা।

অষ্টম শ্ৰেণীত থাকোতেই মনে মনে দেউতাকৰ বাইক চলাইছিল। এতিয়াও সুযোগ পালে বাইক লৈ তেওঁ লং ড্ৰাইভ কৰে। ৰাফ এণ্ড ছুইট ভাইলিনাৰ গ্লেমাৰ জগতৰ এই যাত্ৰা  অব্যাহত থাকক। উজ্বলি উঠক প্ৰতিটো ফেশ্যন শ্ব’ত।

Related Articles

Leave a Reply

Close