অসম

কলগাছিয়াত মছজিদৰ পৰা মোবাইল চুৰি কৰি ৰাইজৰ হাতত আটক গভাইত চোৰ, চোৰজনক উত্তম-মধ্যম দি গতাই দিলে আৰক্ষীক

প্ৰথম খবৰ, মইনবড়ী: কলগাছিয়াত মোবাইল চুৰ কৰি সন্ত্ৰাস চলোৱা মোবাইল চোৰ আটক হোৱা ঘটনাই কলগাছিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজৰ হাতত আটক হোৱা গভাইত চোৰগৰাকী কলগাছিয়াৰ জইনুদ্দিনৰ পুত্ৰ ছফিকুল ইছলাম। বিগত ১ মাহ ধৰি পূৱ কলগাছিয়াত মোবাইল চুৰি কৰি সন্ত্ৰাস চলাই আহিছিল। নিশা মছজিদত অহা তবলিগী জামাতৰ সদস্যৰ দুখন মোবাইল চুৰি কৰি ৰাইজৰ হাতত আটক হয় চোৰগৰাকী। পিছত ৰাইজে চোৰজনক উত্তম-মাধ্যম দি কলগাছিয়া আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, চোৰজনৰ পৰা ৰাইজে এটা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন এটা মোবাইল এতিয়াও উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে চোৰ ধৰা পৰাৰ খবৰ চাৰিওফালে বিয়পি পৰাত বিগত এটা মাহত চুৰি হোৱা ২০ জনকৈ মোবাইলৰ গৰাকী থানাত ভিৰ কৰা পৰিলক্ষিত হয়।

 

Related Articles

Leave a Reply

Close