অসম

কলগাছিয়াৰ টাপেশ্বৰা গাঁও পঞ্চায়তত চি পি আই এমৰ অৱস্থান ধৰ্মঘট, পথ নিৰ্মাণৰ আঁচনি ৰূপায়ণ নকৰাত উত্তাল পঞ্চায়ত কাৰ্যালয়

প্ৰথম খবৰ, মইনবড়ীঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ এলেকাধীন তথা ৰূপসী উন্নয়ণ খণ্ডৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত আজি পুৱাৰে পৰাই পথ নিৰ্মাণত দুৰ্নীতি আৰু পঞ্চায়তৰ অনিয়মীয়া কাৰ্যকলাপৰ বিৰুদ্ধে চি পি আই (এম)ৰ পক্ষৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট পালন কৰে। ৰূপসী উন্নয়ণ খণ্ডৰ অন্তৰ্গত তাপেশ্বৰা গাঁও পঞ্চায়তত এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক খেলিমেলি আৰু দূৰ্নীতি সংঘটিত হোৱাত ক্ষুব্ধ হৈ পৰিছে পঞ্চায়ত খনৰ ৰাইজ। লাকী বজাৰৰ পৰা বালাগাঁৱলৈ যোৱা পথটো দীৰ্ঘ দিনৰ পৰা শোঁচনীয় হৈ থকাৰ পিছত এইবেলি উক্ত পথটোৰ বাবে এনৰেগা আঁচনিৰ অধীনত ৫ লক্ষাধিক টকা আৱন্টন দিয়া হৈছিল যদিও আৱন্টনৰ তিনি মাহ পাৰ হৈ যোৱাৰ পিছতো পঞ্চায়ত সভাপতি জাফৰ আলীয়ে কাম আৰম্ভ নকৰাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ। আনহাতে পঞ্চায়ত খনৰ সচিব মহম্মদ আলী যোৱা দুবছৰে কাৰ্য্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। আজি ধৰ্মঘটৰ খবৰ পাই সচিব মহম্মদ আলী কাৰ্য্যালয়ত উপস্থিত হোৱাত ৰাইজে কাৰ্যালয়ৰ ভিতৰত ঘেৰাও কৰি ৰাখে। চি পি আই এমৰ বালাগাওঁ আৰু টাপেশ্বৰা লোকেল কমিটিৰ যৌথ উদ্যোগত প্ৰায় শতাধিক চি পি আই এম কৰ্মীয়ে হাতে হাতে বেনাৰ, পতাকা লৈ তাপেশ্বৰা গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত উপস্থিত হৈ দুৰ্নীতি বিৰোধী বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, আন্দোলনকাৰী সকলে এই অৱস্থান ধৰ্মঘট পালন কৰি, তাপেশ্বৰা লাকী বজাৰৰ পৰা বালাগাওলৈ যোৱা ৰাস্তাৰ কাম শীঘ্ৰে আৰম্ভ কৰা, পিয়ন ছামচুল হকৰ ঘৰৰ পৰা সহৰ আলীৰ ঘৰলৈ যোৱা ৰাস্তাৰ কাম সম্পূৰ্ণ কৰা, পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়নত সংঘটিত দুৰ্নীতি বন্ধ কৰা, এম জি এন ৰেগাৰ কামত শ্ৰমিকৰ সলনি ট্ৰেক্টৰ ব্যৱহাৰ বন্ধ কৰা আৰু পঞ্চায়তৰ সচিব নিয়মীত ভাৱে কাৰ্যালয়ত উপস্থিত থকাৰ দাবীত চক্ৰবিষয়াৰ প্ৰতিনিধিৰ হাতত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰবিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱনেতা ৰুস্তম আলীয়ে স্মাৰক পত্ৰখন পাঠ কৰি সকলোকে অৱগত কৰায়। প্ৰাপ্ত অভিযোগ অনুসৰি লাকী বজাৰৰ পৰা বালাগাওলৈ যোৱা ৰাস্তাটোৰ নামত ইতিমধ্যে এম জি এন ৰেগা আচনিৰ পৰা ৫ লক্ষাধিক টকা আবন্টন দিয়া হৈছে যদিও বজাৰৰ গাতে লাগি থকা ৰাস্তাটোৰ দুয়োকাষত স্থানীয় একাংশ ৰাইজে ৰাস্তাৰ মাটি অধিগ্ৰহন কৰি ঘৰ নিৰ্মাণ কৰাৰ বাবে ৰাস্তাটোৰ কাম আৰম্ভ কৰিব পৰা নাই বুলি পঞ্চায়তটোৰ সচিব মহম্মদ আলীয়ে অভিযোগ কৰিছে। এই সংক্ৰান্তত স্থানীয় জনপ্ৰতিনিধি আৰু মুখীয়াল ব্যাক্তি সকলে চক্ৰ বিষয়াক অৱগত কৰাৰ পিছত মণ্ডল-কাননগো আহি ৰাস্তাৰ সীমা নিৰ্ধাৰন কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল হব পৰা নাই। ফলত এই বাৰিষাৰ সময়তো ৰাস্তাটোৰ নিৰ্মাণ কাম সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজে যমৰ-যাতনা ভূগিব লগা হৈছে। আনহাতে পিয়ন ছামচুল হকৰ ঘৰৰ পৰা সহৰ আলীৰ ঘৰলৈ যোৱা ৰাস্তাটোত আঞ্চলিক পঞ্চায়তৰ পৰা প্ৰায় চাৰি লাখ টকা আবন্টন দিছিল যদিও তাৰে ৫০ শতাংশ টকাৰো কাম নকৰি বাকী টকা আত্মসাতৰ ফন্দি ৰচনা কৰিছে বুলি চি পি আই এমৰ আন্দোলনকাৰী সকলে অভিযোগ কৰিছে। লগতে পঞ্চায়ত সচিব গৰাকীয়ে কাৰ্যালয়ত উপস্থিত নাথাকি সভাপতিৰ ঘৰত বহি কাৰ্যালয়ৰ কামকাজ চলাই থকা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰি উক্ত পথটো অতি সোনকালে নিৰ্মাণ কৰা হব বুলি লিখিত প্ৰতিশ্ৰতি প্ৰদান কৰাৰ পিছতহে সচিব মহম্মদ আলীক কাৰ্যালয়ৰ পৰা ওলাই যাবলৈ দি আন্দোলন সাময়িক ভাৱে স্থগিত ৰাখে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close