অসম

কলিয়াবৰত বিদ্যুৎ বিভাগে পুনৰ প্ৰাণ ল’লে এজনৰ

প্ৰথম খবৰ,কলিয়াবৰ: বিদুৎ বিভাগৰ হেমাহিৰ বাবে ৰাজ্যত পুনৰ প্ৰান হেৰুৱালে এজন যুৱকে। কলিয়াবৰৰ মিছাৰ সমীপত সংঘটিত হৈছে এই ঘটনা। যোৱা নিশা ৮ মান বজাত সংঘটিত এই ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা দুৰ্ভগীয়া যুৱক জনৰ নাম দিলীপ দেৱ। মিছাৰ এখন দোকানত কৰ্মৰত দিলীপে দোকান বন্ধ কৰি নিজ ঘৰলৈ গৈ থকা অৱস্থাত বিদুৎ পৰিবাহি তাঁৰ চিঙি দিলীপৰ শৰীৰত পৰা বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক সাৱটি ললে দিলীপে। কালি সন্ধিয়াৰে পৰা অহা ধুমুহা জাকত এজোপা গছ উভালি বিদ্যুৎ পৰিবাহি তাঁৰত পৰাত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি সমগ্ৰ এলেকাটোতে দুৰ্বল হৈ পৰে বিদ্যুৎ পৰিবাহী তাঁৰ সমুহ। ইয়াৰ ফলতে গছ বাগৰা স্থানৰ কিছু নিলগত হঠাৎতে তাঁৰ চিঙি মৃত্যু মুখত পৰে দিলীপ দেৱ নামৰ যুৱক জনে। এতিয়া দুৰ্ভগীয়া পৰিয়ালটিৰ বাসগৃহত কান্দোনৰ ৰোল। খবৰ লবলৈ অহা নাই প্ৰাশাসনৰ লগতে বিদ্যুৎ বিভাগৰ কোনো বিষয়া কৰ্মচাৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close