অসম

কলিয়াবৰত এচ. টি. এফ আৰু আৰক্ষীৰ বৃহৎ সফল্য

প্ৰথম খবৰ, কলিয়াবৰ: কলিয়াবৰৰ চিকনীস্থিত এচ. টি. এফ আৰু শালনা আৰক্ষীৰ যুটীয়া অভিযানত অবৈধ মৰনাস্ত্ৰ তৈয়াৰ কৰা এটি কাৰখানা উৎখাত কৰে শালনা আৰক্ষী চকী এলেকাধীন ২ নং সোনাজুৰিত। ঘটনাৰ লগত জড়িত ২ নং সোনাজুৰিৰ অনন্ত দাস(৪৭) নামৰ এজনক আটক। কাৰখানাটোৰ পৰা দুটা ৰাইফল, বন্দুকৰ কাঠৰ কুণ্ডা চাৰিতা, হাতেৰে তৈয়াৰ কৰা ১৬ ৰাউণ্ড গুলী, বন্দুকৰ নলী দীঘল ১২ টা আৰু চুটি ১১ টা, বন্দুক তৈয়াৰ কৰোতে ব‍্যৱহাৰ হোৱা বৃহৎ পৰিমাণৰ অন‍্যান‍্য সামগ্ৰী জব্দ কৰে। ঘটনাৰ লগত জড়িত আন কেইবাজনো অপৰাধীক বিচাৰি অভিযান অব‍্যাহত ৰাখিছে অভিযান কাৰী দলটিয়ে।

Related Articles

Leave a Reply

Close