অসম

কাকজানত তিনিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত, ক্ষোভিত ৰাইজৰ পথ অৱৰোধ

প্ৰথম খবৰ, টীয়ক: ভিন্ন বিতৰ্কৰে সংবাদ শিৰোণাম দখল কৰা টীয়কৰ কাকজান বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷ তিনিদিন ধৰি বৃহত্তৰ কাকজান অঞ্চলত বিদ্যুৎ যোগানত ব্যৰ্থ বিদ্যুৎ বিভাগ আৰু অসম চৰকাৰৰ শক্তি মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ কাকজান কমাৰখাতোৱালত স্থানীয় ৰাইজে কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কালি নিশা ৯বজাৰ পৰা ১১.৩০ বজালৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ইয়াৰ উপৰিও কালি নিশা টীয়কৰ চিন্তামণিগড়ত বিদ্যুৎ পৰিৱাহী তাঁৰ ৰাজপথত পৰি ৰয়৷ বহু পলমকৈ বিদ্যুৎ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ এই ঘটনাই সমগ্ৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাকে সূচাইছে৷ইয়াৰ ফলত কথমপি ৰক্ষা পৰে বহুকেইটা পৰিয়াল৷

Related Articles

Leave a Reply

Close