অসম

কাকপথাৰত গছ পৰি পিতা-পুত্ৰ নিহত

প্ৰথম খবৰ, কাকপথাৰ : কাকপথাৰ থানাৰ অন্তৰ্গত ৰুমাইগাভৰু নামৰ ঠাইত যোৱা নিশা হোৱা প্ৰচণ্ড ধুমুহাত এটা শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ খুব কম সময়ৰ বাবে অহা বতাহ জাকে সঞ্জীৱ ডেকা নামৰ ব্যক্তি জনৰ ঘৰত ওচৰতে থকা গছ পৰি শুই থকা অৱস্থাতে মৃত্যু হৈছে হৈছে পিতৃ সঞ্জীৱ ডেকা আৰু পুত্ৰ নবীন ডেকা ৷ পিতৃ সঞ্জীৱ ডেকা(৪২) ঘটনাস্থলিতে নিহত হোৱা লগতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছে পুত্ৰ নবীন ডেকা(১৪) ৷ পিতা-পুত্ৰই একেলগে মৃত্যু বৰণ কৰিব লগা হোৱা ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ কাকপথাৰ অঞ্চলটোত ৷

Related Articles

Leave a Reply

Close