অসম

কাকপথাৰত যুৱ-ছাত্ৰৰ ৩৬ ঘণ্টীয়া অনশন আৰম্ভ

প্ৰথম খবৰ, কাকপথাৰ: তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া সমষ্টিৰ অন্তৰ্গত কাকপথাৰ প্ৰাথমিক চিকিৎসালয়খন ৩০ খন বিচনাযুক্ত কৰাৰ লগতে পৰ্য্যাপ্ত পৰিমাণৰ চিকিৎসক, নাৰ্ছ অন্যান্য সা-সুবিধাৰৰ উপৰিও কাকপথাৰ অঞ্চলৰ জলন্ত সমস্যা ডিৰাক চুমনি বান্ধৰ বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচী হাতত লৈছে ৷ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাঙ্গনত পুৱা ছয় বজাৰ পৰা আৰম্ভ হোৱা কাৰ্য্যসূচীটোত অনতিপলমে তেওঁলোকে দেখুওৱা সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক কাৰ্য্যব্যৱস্থা ল’বলৈ দাবী জনায় ৷ যুৱ-ছাত্ৰ পৰিষদৰ লগতে অঞ্চলটোৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত সকলোৱে একেমুখে এই জলন্ত সমস্যা কেইটা সমাধানৰ বাবে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কালি সন্ধিয়া ছয় বজাৰ লৈকে হ’বলগীয়া কাৰ্য্যসূচীটোত পৰিষদৰ জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণৰ লগতে উপ-সভাপতি সুনমণি চলিহাও উপস্থিত থাকে ৷

 

Related Articles

Leave a Reply

Close