অসম

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ললে কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই

প্ৰথম খবৰ,কাজিৰঙা: শুকুৰবাৰে কাজিৰঙাৰ বানৰ বুজ ল’লে কৃষি মন্ত্ৰী অতুল বৰাই ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সত্যেন্দ্ৰ সিংৰ পৰা বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানপৰিস্থিতিৰ বুজ ললে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীয়ে সকলো মন্ত্ৰী বিধায়কক নিজৰ সমষ্টিলৈ গৈ বান পিড়িত লোক সকলক সাহাৰ্য আগবঢ়োৱাৰ নিৰ্দেশ দিছে ৷মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে ইতিমধ্যে জিলা প্ৰশাসনক এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ জাৰি কৰা হৈছে ৷লগতে তেঁও উল্লেখ কৰে যে বান ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলক চৰকাৰ যথোপযুক্ত সাহাৰ্য আগবঢ়াব ৷ আনহাতে বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰানী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে টাইম কাৰ্ডৰ প্ৰৱৰ্তন কৰাৰ কথা তেঁও উল্লেখ কৰে ৷

Related Articles

Leave a Reply

Close