অসম

কালাৰ্চ টিভিৰ ” ইণ্ডিয়া গত টেলেন্ট” বিজয়ী মানিক পালে বৰপেটাৰোডত শুভাৰম্ভ কৰিলে ” মানিক পাল ডেন্স একাডেমী

প্ৰথম খবৰ,বৰপেটাৰোড: শিশু অৱস্থাত থাকোতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত পিতৃক হেৰুৱা বৰপেটাৰোডৰ যুৱক মানিক পালে নিজৰ একমাত্র অধ্যাৱসায় আৰু চেষ্টাৰ ফলত বিগত ২০১৫ চনত দেশৰ আগশাৰীৰ টিভি চেনেল কালাৰ্চ টিভিয়ে আয়োজন কৰা ” ইণ্ডিয়া গত টেলেন্ট” শীৰ্ষক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তাৰ পিছৰ পৰাই যুৱকজনে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। অসম চৰকাৰৰ আৰক্ষী বিভাগৰ “আশ্বাস” প্ৰকল্পৰ পৰা আৰ্থিক সাহায্য লাভ কৰি পঢ়াশুনাৰ লগতে নৃত্য শিকা মানিকে কালাৰ্চ টিভিৰ পৰা পোৱা ৫০ লাখ টকাৰে ইতিমধ্যে মুম্বাইত তিনিখনকৈ ডেন্স একাদেমী খোলাৰ পিছত নিজৰ জন্মভূমিৰ উঠি অহা প্ৰজন্মক নৃত্য তথা আনুসাঙ্গিক বিষয়ত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য আজি বৰপেটাৰোডত শুভাৰম্ভ কৰে মানিক পাল ডেন্স একাদেমী । আজি এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ নৃত্য গুৰু মুম্বাইৰ উদয়দেৱ পাণ্ডে, বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ , উপ- পৌৰপতি ফুলেন দাস, আৰক্ষী চক্ৰ বিষয়া গনেশ দাস, সমাজ কৰ্মী বনমালী পাঠক আৰু আশ্বাস প্ৰকল্পৰ সমন্বয়ক খলিলুৰ ৰহমানে।সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মানিক পালে কয়- তেওঁৰ ব্যস্ততা পূৰ্ণ জীৱনৰ বাবে শিলিগুৰী আৰু কোচ বিহাৰৰ পৰা অহা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকে শিকাব যদিও তেওঁ নিজেও এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আহি শিকাব। প্ৰশিক্ষণত নৃত্যৰ বাবে প্ৰয়োজনীয় কন্টেমপৰি, হিপহপ, ক্ৰুম্পিং , এৰিয়েল আৰ্ট আৰু জিমনাস্তিক শিকোৱাৰ অলগতে নৃত্যত কেনেকৈ পাৰদৰ্শিতা লাভ কৰিব পাৰি তাৰ শেহতীয়া কৌশলবোৰ শিকোৱা হব।

Related Articles

Leave a Reply

Close