অসম

কৃষ্ণাই আৰু বগুৱানত আমছুৰ বন্ধ সৰ্বাত্মক

প্ৰথম খবৰ, কৃষ্ণাই/বগুৱান: আমছুৱে আজি আহ্বান জনোৱা ১০ ঘন্টীয়া গোৱালপাৰা জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে কৃষ্ণাইৰ লগতে বগুৱানতো ৷ পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ আমছুয়ে আহ্বান কৰিছে এই বন্ধ । উল্লেখ্য যে, যোৱা ৩০ জুনত গোৱালপাৰাৰ খাৰবোজাত সংঘটিত আৰক্ষীৰ গুলীচালনাৰ প্ৰতিবাদত আজিৰ এই বন্ধ আহ্বান কৰিছে। আৰক্ষীয়ে ইয়াকুব আলী নামৰ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি অভিযোগ কৰি উক্ত হত্যাকাৰী আৰক্ষীক শাস্তি দিয়া আৰু ’ডি’ ভোটাৰ আৰু বিদেশীৰ নামত চৰকাৰী পৃষ্ঠপোষকতাত চলাই অহা উৎপীড়ন আৰু অত্যাচাৰৰ বিৰুদ্ধে এই বন্ধ দিছে আমছুৱে। কৃষ্ণাই, পাইকান,বেকীপুল আদি ঠাইত বন্ধৰ প্ৰভাৱ পৰিছে। ৩৭ নং আৰু ৫১ নং ৰাষ্ট্রীয় ঘাই পথৰ লগতে জিলাৰ আন আন বাট পথসমূহত যান বাহনৰ চলাচল বন্ধ হৈ আছে ৷ আনহাতে গোৱালপাৰাৰ পশ্চিমাঞ্চলতো সৰ্বাত্মক ৰূপত পৰে। বন্ধৰ সময় চোৱাত বগুৱানৰ লগতে বাশবাৰী, আমবাৰী, খৰমুজা, লক্ষীপুৰ, খলিছাভিটা আদি অঞ্চলত দোকান পোহাৰ বন্ধৰ লগতে গাড়ী চলাচলো বন্ধ হৈ পৰে ৷

Related Articles

Leave a Reply

Close