অসম

কৰ্মচাৰীৰ অনুপস্থিতিত ক্ষুব্ধ ৰাইজ

প্ৰথম খবৰ, কামপুৰ: দিনৰ ১১ বজা পৰ্যন্ত কামপুৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ত এজনো কৰ্মচাৰী উপস্থিত নথকাত ক্ষুব্ধ হৈ পৰে একাংশ লোকে। ঘৰতে বহি দৰমহা লোৱাৰ অভিযোগ উত্থাপিত হৈছে কৰ্মচাৰী আৰু অভিযন্তাৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ফাইলসমূহৰ কাম আগবঢ়াবলৈ কৰ্মচাৰী উপস্থিত নাথাকে কাৰ্যালয়টোত। আনহাতে দীৰ্ঘদিনৰ পৰা এই কাৰ্যালয়টোত কৰ্মচাৰীসকল বহু পলমকৈ অহাৰ লগতে একাংশ কৰ্মচাৰীয়ে ঘৰতে বহি দৰমহা লোৱাৰ অভিযোগো উত্থাপিত হৈছে। ৰাইজৰ দাবী কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close