অসম

কৰ্ম-সংস্কৃতিহীন ৰাজ্যৰ এখন ব্যতিক্ৰম অসমীয়া মাধ্যমৰ বিদ্যালয়ত দিনে দুবাৰকৈ চলে পাঠদান, এজন শিক্ষকৰ কৰ্ম-সংস্কৃতিয়ে দখল কৰিছে সংবাদ শিৰোনামা

প্ৰথম খবৰ,বৰগাং: এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়৷ যিখন বিদ্যালয়ত পাঠদান চলে দিনে দুবাৰ৷ চৰকাৰী নীতি-নিয়ম অনুসৰি পুৱা ৮•৪৫ বজাৰ পৰা দিনৰ বজালৈ চলে পাঠদান কাৰ্য৷ তাৰপিছত আকৌ বিয়লি ৩ বজাৰ পৰা পাঠদান চলে বিয়লি ৫ বজালৈ৷ একেখনেই বিদ্যালয় একেজনেই শিক্ষক৷ হয়, এইখন এখন অসমৰেই চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়৷ ৰাজ্যৰ আন-আন চৰকাৰী বিদ্যালয়ৰ বেতনভুগী শিক্ষকৰ দৰে এইগৰাকী শিক্ষকেও লাভ কৰে সন্মানজনক বেতন৷ কিন্তু, এই বিদ্যালয়ত দিনত দুবাৰকৈ চলে পাঠদান প্ৰক্ৰিয়া৷ হয়তো আপোনাৰ মনত প্ৰশ্ন জাগিছে এই বিদ্যালয়খন ৰাজ্যৰ কোন স্থানত অৱস্থিত আৰু কিয় দিনে দুবাৰকৈ এই বিদ্যালয়ত চলে পাঠদান কাৰ্য৷ ইয়াৰ অন্তৰালত কি ৰহস্য অন্তৰ্নিহিত হৈ আছে৷ নিশ্চিতভাৱে সাম্প্ৰতিক সময়ত এই প্ৰশ্ন আপোনাৰ মনলৈ অহাটো স্বাভাৱিক৷কাৰণ যি সময়ত ৰাজ্যৰ বহু বিদ্যালয়ত দিনে দুবাৰ পাঠদান হোৱাতো দূৰৈৰে কথা এবাৰো পাঠদান নোহোৱাকৈ চলিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা। তেনেস্থলত একেখন বিদ্যালয়ত দিনে দুবাৰকৈ পাঠদান অব্যাহত আছে৷ আনহাতে, যি সময়ত ৰাজ্যৰ বিয়াগোম চৰকাৰী বিষয়া-কৰ্মচাৰীৰ মাজত চূড়ান্তভাৱে কৰ্ম-সংস্কৃতিৰ অভাৱ ঘটাৰ নমুনা দেখাৰ দৃষ্টান্ত প্ৰতিদিনে উন্মোচিত হৈ আহিছে, সেই সময়ত এনে বিৰল কৰ্ম-সংস্কৃতি প্ৰদৰ্শন ক’ত চলিছে ? নিশ্চয় জানিবলৈ কৌতুহল জাগিছে৷ অসম মুলুকৰ নৱ গঠিত বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বেদেগুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিদিনে দুবাৰকৈ চলে পাঠদান কাৰ্য৷ ৰাজ্যৰ টে’ট পৰীক্ষাত উৰ্ত্তীণহৈ শিক্ষাৰ দৰে পবিত্ৰ তথা দায়িত্বগধুৰ এক ক্ষেত্ৰত নিয়োজিত হোৱা বিহালীৰ বৰাজুলী গাঁৱৰ উদীয়মান যুৱ শিক্ষক বিশ্বজিৎ ৰয় নামৰ স্বনামধন্য শিক্ষক এগৰাকীয়ে তেখেতৰ কৰ্মস্থলী হিচাপে চিহ্নিত বেদেতিগুৰী প্ৰাথমিক বিদ্যালয়খনত বিগত প্ৰায় ১ বছৰে দিনে দুবাৰকৈ চলাই আহিছে পাঠদান কাৰ্য৷ অতি ভিতৰুৱা অঞ্চলৰ প্ৰাথমিক বিদ্যালয়খনত অধ্যয়নৰত ভৱিষ্যত দেশৰ সম্পদ স্বৰূপ কন-কন ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে বিগত প্ৰায় ১ বছৰে দৈনিক দুবাৰকৈ পাঠদান কৰি আহিছে৷ সাধাৰণভাৱে চহৰাঞ্চলৰ অভিভাৱকতকৈ গ্ৰামাঞ্চলৰ অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত তুলনামুলকভাৱে কম সচেতন হোৱা দেখা পোৱা যায়৷ যাৰ বাবে এই শিক্ষক বিশ্বজিৎ ৰয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি বিদ্যালয়খনত দুবাৰকৈ পাঠদান কৰি শিক্ষাৰ্থীসকলক অধ্যয়নৰ লগতে আনুসাংগিক কৰ্মকৰ্তাৰ, নৃত্য, গীত-মাত আদি সাংস্কৃতিক শিক্ষা সাধ্যনুসৰি শিক্ষা দিয়াৰ বাবে একান্ত ব্যক্তিগত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

তাৰোপৰি, এইগৰাকী শিক্ষকে যোৱা ব’হাগ বিহুৰ সময়ত সকলো ছাত্ৰ-ছাত্ৰীক বিহু নৃত্য শিকাই ঘৰে-ঘৰে হুঁচৰি গাই লাভ কৰা ধনৰে অলপতে মুলতঃ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিদ্যুৎ ব্যৱস্থাৰ সংযোগ কৰি আন এক বিৰল নিদৰ্শন দাঙি ধৰিছে৷ ইমানেই নহয় সমান্তৰালভাৱে , বিদ্যালয়ৰ চৌহদতে ছাত্ৰ-ছাত্ৰীসকলক কৃষি সম্পৰ্কীয় জ্ঞান প্ৰদান কৰাৰ লগতে বিদ্যালয়খনত এখন অৰ্কিড বাগিছা নিৰ্মান কৰা পৰিলক্ষিত হৈছে৷ য’ত জলকীয়াৰ পৰা আৰম্ভ কৰি তুলসী জোপালৈকে ৰূপন কৰি আন এক পৰিৱেশ সচেতনতাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে৷ আনহাতে, একে গৰাকী শিক্ষকে পুৱা ৪ বজাতে বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক টোপনিৰ পৰা উঠাই আহে৷ এইদৰে নিজ দায়িত্ব-কৰ্তব্য পালন কৰি আহিছে এইখন অসমৰে এজন শিক্ষকে৷ দিনৰ পিছত দিন মাহৰ পিছত মাহ এনেদৰে একান্তভাৱে নিজস্বতা শিক্ষাৰ্থীসকলক মানুহ কৰিবলৈ সেৱা আগবঢ়াই অহাটো সচাঁই অনন্য৷ যি সময়ত একাংশ লক্ষ-লক্ষ বেতনভুগী বিষয়া-কৰ্মচাৰীয়ে সৰ্বসাধাৰণ খাটি খোৱা জনতাৰ সামান্য কাম এটা সম্পাদন কৰি দিবলৈ টেবুলৰ তলৰে উপঢৌকন নেপালে ফাইল একোটাৰ এটা পৃষ্ঠা লৰচৰ নকৰে, উপঢৌকন লৈ ৰঙা ঘৰৰ আলহী হ’ব লগা হৈছে সেই সময়তে এইখন অসমৰে এগৰাকী ৰাজ্যিক কৰ্মচাৰীয়ে ছাত্ৰ-ছাত্ৰীক সমাজৰ এগৰাকী উপযুক্ত মানৱ সম্পদ নিৰ্মাণৰ হেতু পাঠদানৰ পিছত পাঠদান কৰি অহাটো ৰাজ্যখনৰ বাবে এক অতিগুৰুত্বপূৰ্ণ তথা প্ৰসংশনীয় বাৰ্তা৷⁠⁠⁠⁠

Related Articles

Leave a Reply

Close