অসমশীৰ্ষ

খুমটাইত ধনশিৰি নদীৰ গৰাখহনীয়া, জাহ গ’ল ৪ টা পৰিয়ালৰ বাসগৃহ

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ খুমটাই মৌজাৰ খুমটাই বগৰিয়ণী গাঁওখন এতিয়া ধনশিৰি নদীৰ খহনীয়া কবলত। বৰ্তমানলৈকে বান বিধ্বস্ত গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ ভেটি জাহ গ’ল ধনশিৰি নদীৰ খহনীয়াত। কেইদিনমান আগতে সমগ্ৰ গাঁও ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল আৰু বাঢ়নী পানী কমিছে যদিও বান বিধ্বস্ত গাঁওখনত এতিয়া ভয়াৱহ ৰূপ লৈছে খহনীয়া। ধনশিৰি নদীৰ তীব্ৰ খহনীয়াত দিশহাৰা হৈছে চাৰিটা পৰিয়ালৰ। সপোনৰ আপোন ঘৰটো হেৰুৱাই চকুৰে কেৱল চকুপানী নিগৰিছে চাৰিটা পৰিয়ালৰ। এতিয়ালৈকে বগৰিয়ণী গাঁওখনৰ ২৫ ঘৰ গৃহস্থীয়ে মাটি ভেটি হেৰুৱাই স্থানান্তৰিত হৈছে। সম্প্ৰতি আৰু তিনিটা পৰিয়ালৰ বাসগৃহ নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। বৰ্তমান সময়ত খহনীয়া ভয়াৱহ দৃশ্য দেখি কেইবা ঘৰ গঞা নিৰাপদ স্থান আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু দেখিও নেদেখা ভাও ধৰিছে প্ৰশাসনে লগতে বৰ্তমানলৈকে খহনীয়াত পতিত ৰাইজৰ খবৰ এটা ল’বলৈও সময় নাই স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ। এই অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close