অসম

খুমটাই আদৰ্শ চিকিৎসালয় নিৰ্মাণত বিসংগতি আৰু ব্যাপক দুৰ্নীতি হোৱাৰ বাবে কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ খুমটাই মৌজাৰ খুমটাইত স্থাপন কৰা আৰ্দশ চিকিৎসালয় খনৰ নিৰ্মাণত হোৱা গুৰুত্বপূৰ্ণ বিসংগতি আৰু দুৰ্নীতি সম্পৰ্কত ব্যৱস্থা গ্ৰহণ দাবীত আজি খুমটাই আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি, গোলাঘাট জিলা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰথমে প্ৰতিবাদী দলটোৱে অভিযন্তা অমৃত নেওগক গ্ৰেপ্তাৰ কৰক, ডা অৱনি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰক, অসম চৰকাৰৰ হায় হায় , মৃনাল শইকীয়া হুচিয়াৰ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ , স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান শোভাযাত্ৰা কৰি খুমটাই খুদ্ৰ স্বাস্থ্য কেন্দ্ৰ মূল প্ৰবেশ দ্বাৰত উপস্থিত হৈ পৰিবেশ উত্তাৱল কৰি তুলাৰ লগতে ঐতিহাসিক ধোদৰ আলিটো প্ৰায় এক ঘন্টা ধৰি পথ বন্ধ কৰি দিয়াত পথটোৰ দুয়োপাৰে বহু সংখ্যক যান বাহন বন্ধ হৈ পৰে।  ঘটনাস্থলীত লগে লগে খুমটাই ৰাজহ চক্ৰ বিষয়া ডঃ মনিকা বৰা উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিয়ে। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী দলটোৱে গোলাঘাট জিলাৰ উপায়ুক্ত প্ৰতিবাদস্থলীত উপস্থিত নোহোৱা পৰ্যন্ত পথ অৱৰুধ আৰু প্ৰতিবাদ কৰি যাব বুলি পুনৰ পথটোত বহি পৰে। পৰিস্থিতি উত্তপ্ত হোৱা দেখি প্ৰতিবাদস্থলীত উপস্থিত থকা কমাৰগাঁও আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া আৰু খুমটাই খুদ্ৰ স্বাস্থ্য কেন্দ্ৰ চিকিৎসক ৰঞ্জিত দাসে প্ৰতিবাদী ৰাইজক বহু বুজনি দিয়াৰ পাছত পৰিস্থিতি শান্ত হয় আৰু চৰ্ত সাপেক্ষে প্ৰতিবাদী দলটোৱে খুমটাই ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়লৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দ্বাৰা তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে। সাংবাদিক আগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ খুমটাই আঞ্চলিক সমিতিৰ সভাপতি অমৃত নাগে কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ মুখত দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান হে প্ৰতিনিয়ত উচ্চাৰিত হৈ আছে। গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ে খুমটাই আদৰ্শ চিকিৎসালয়ত বিসংগতি আৰু দুৰ্নীতি সম্পৰ্কত জ্ঞাত যদিও চকু মুদা কুলিৰ ভাও কৰিছে। অনতি পলমে যদি চিকিৎসালয়খনত হোৱা পাহাৰসম দুৰ্নীতি নায়ক ডা অৱনি বৰঠাকুৰ আৰু অভিযন্তা অমৃত নেওগক গ্ৰেপ্তাৰ আৰু নিৰ্মাণকাৰী সংস্থাটোক যদি ব্লেক লিচট নকৰে তেন্তে ইয়াতকৈও জংগী আন্দোলন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰি যাবলৈ বাধ্য হ’ব। কৃষক নেতা অমিত নাগে আৰু কয় যে গত ১৭ জুন ২০১৭ তাৰিখে খুমটাই ৰাজহ চক্ৰ বিষয়া ডঃ মনিকা বৰাই আদৰ্শ চিকিৎসালয়খন সকলো দিশ তদন্ত কৰি এক বিতং প্ৰতিবেদন উপায়ুক্ত মহোদয় ওচৰত দাখিল কৰে আৰু উক্ত প্ৰতিবেদনত ওলাই পৰে যে কিদৰে তদানীন্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডা অৱনি বৰঠাকুৰ আৰু অভিযন্তা অমৃত নেওগে কোনোধৰনৰ পৰ্যবেক্ষণ নকৰাকৈয়ে চিকিৎসালয়খন নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি প্ৰমাণ পত্ৰ দিয়াৰ লগতে অভিযন্তা অমৃত নেওগে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্ধতম কতৃপক্ষলৈ মিছা প্ৰতিবেদন প্ৰেৰণ কৰিছিল । সেই তথ্যও ৰাজহ চক্ৰ বিষয়া ডঃ মনিকা বৰা প্ৰতিবেদনত পৰিস্ফুত হৈ পৰিছে। স্থানীয় বিধায়ক মৃণাল শইকীয়াকো ক্ষুৰধাৰ সমালোচনা কৰে কৃষক নেতাজনে। নেতাজনে কয় যে, নিজৰ সমষ্টিৰ ৰাইজৰ দুখ দুৰ্দশা খবৰ লোৱা আৰু সমষ্টিৰ ৰাইজৰ কাম কৰা পৰিবৰ্তে সমষ্টি বাহিৰত অধিক সময় কিয় কটাই বুলি স্থানীয় বিধায়ক মৃণাল শইকীয়া লৈ প্ৰশ্নবান এৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close