অসমশীৰ্ষ

খুমটাই চংকলা ৰাজ্যিক পশু চিকিৎসালয়ৰ নৱ নিৰ্মিত গৃহত দুৰ্বৃত্তই ভাঙিলে বৈদ্যুতিক মিটাৰ

প্ৰথম খবৰ, খুমটাই: ৰাজ্যৰ বিয়াগোম পশুপালন বিভাগটোৰ অকমণ্যতাৰ বাবে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন অঞ্চলত নৱ নিৰ্মিত পশু চিকিৎসালয়সমূহ মুকলি নকৰাত নৱ নিৰ্মিত গৃহ সমূহত এতিয়া অনৈতিক কাৰ্যকলাপৰ ৰম্যভূমিত পৰিণত হৈছে। তাৰ এক জলন্ত উদাহৰণ হ’ল গোলাঘাট জিলাৰ খুমটাই মৌজাৰ চংকলা ৰাজ্যিক পশু চিকিৎসালয়খনৰ নৱ নিৰ্মিত গৃহ কেইটা। ২০১৬ চনতে কোটি টকা খৰচ কৰি তিনিটাকৈ আটক ধুনীয়া গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে বৰ্তমান পৰিৱৰ্তনকামী চৰকাৰখনে মুকলি নকৰাত নিশা হ’লেই অচিনাক্ত লোকে মদ জুৱাৰ আদ্দাৰ লগতে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱা সন্দেহ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, যোৱা নিশা আটক ধুনীয়া গৃহ কেইটাৰ প্ৰৱেশ দ্বাৰত থকা বৈদ্যুতিক মিটাৰ আৰু গৃহ কেইটাৰ বৈদ্যুতিক তাঁৰ অচিনাক্ত দুৰ্বৃত্তই ক্ষতি সাধন কৰে।

Related Articles

Leave a Reply

Close