নিবন্ধশীৰ্ষ

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কেইজনমান সহৃদয় লোক আৰু মানৱতাৰ জয়গান

গীতাশ্ৰী মুন কলিতা

স্বাৰ্থপৰ অমানুহৰ পৃথিৱীখনত নিঃস্বাৰ্থ এচাম মানুহ আছে বাবেই পৃথিৱীখন ধুনীয়া। ক্ষণিকৰ জীৱনত আনক এটা সুস্থ জীৱন দিব পৰাটো আনৰ কামত আহিব পৰাটোৱেই জীৱনৰ পৰম সফলতা, মোৰ দৃষ্টিত। এচামে সদায়েই মানৱীয় কামৰ যোগেৰে জীৱনৰ জেউতি হেৰুওৱা মানুহৰ জীৱনলৈ জেউতি আনিছে। সুলভ দুখবোৰ দুৰ্লভ কৰি তুলিছে।

কালি আসাম টকছত সম্প্ৰচাৰ হোৱা গুৱাহাটীস্থিত এটা অতি বৰ দুৰ্ভগীয়া পৰিয়াল দেখা পালোঁ। ঘৰখনৰ পাঁচোটি সদস্যই দীৰ্ঘদিন এক অতি জটিল অৱস্থাৰ মাজেৰে দিন পাৰ কৰি আহিছে। মাক বিচনাত। শৰীৰত ঘাঁ হৈ পোকে ধৰিছে। ৰিক্সাচালক দেউতাকৰ কঁকালত আঘাত। …আৰু সন্তান তিনিওটা বিশেষভাৱে সক্ষম! এই বিশেষভাৱে সক্ষম তিনিওটি সন্তান বাবলী, ৰাহুল আৰু ৰোহিতৰ কৰুণ মুখকেইখন দেখি বহু মানৱ দৰদী আগবাঢ়ি আহিছে সহায় কৰিবলৈ।

সিহঁত তিনিওটাক আজি  ডেষ্টিনেছন আশ্ৰয় গৃহলৈ লৈ যোৱা হ’ল। আশাকৰোঁ সিহঁত তাত কুশলে থাকিব। যোৱাৰ আগত দেউতাকে সন্তান কেউটিকে নিজ হাতেৰে অন্ন খুৱাই দিয়া দৃশ্যই হৃদয় চুই যায়!

এতিয়া মাকৰো উন্নত চিকিৎসা হ’ব। সুখ আহিব ঘৰখনলৈ। এইবোৰ সম্ভৱ হৈছে কেৱল মানৱ দৰদী এচাম মানুহৰ বাবে। লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমটো আৰু তাৰ কৰ্মকৰ্তাৰো অৰিহণা শলাগ ল’বলগীয়া। এনেদৰেই পোহৰলৈ আহক মানুহৰ দুখবোৰ। যাতে দুখবোৰ মচি আমি গাব পাৰোঁ মানুহৰ জয়গান। লগতে সফল হওঁক “মানুহে মানুহৰ বাবে…”ৰ দৰে অমৰ সৃষ্টিও।

Related Articles

Leave a Reply

Close