অসম

গদাধৰ নৈৰ বাঢ়নী পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধুবুৰীত

প্ৰথম খবৰ, ধুবুৰী: গদাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰীৰ চহৰৰ ওচৰৰ ফলিমাৰী গাঁৱৰ বিভিন্ন অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ফলিমাৰী অঞ্চলৰ গদাধৰ নৈৰ পানী এখন কাঁঠৰ দলঙৰ ওপৰেদি বৈ যোৱাৰ বাবে স্থানীয় লোকসকলে যাতায়াত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সূত্র মতে, নদীৰ বাঢ়নি পানীয়ে জনাঞ্চল যথেষ্ট ক্ষয়-ক্ষতি কৰিব বুলি স্থানীয় গাঁওবাসীয়ে আশংকা কৰিছে। ইতিমধ্যে ফলিমাৰী অঞ্চলকে ধুবুৰী চহৰৰ ওচৰে-পাজৰে বহুতো বানাক্ৰান্ত গাঁৱত ক্ষতি সাধন হৈছে। ঘৰ-বাৰী পানীৰ তলত যোৱাৰ লগতে মানুহবোৰ আশ্ৰয়হীন হৈছে। যোৱা কেইবাদিন ধৰি অঞ্চলবোৰত বিদ্যুৎ সংযোগহীন হৈ আছে আৰু বানক্ৰান্ত বহুত অঞ্চলত এতিয়ালৈকে চৰকাৰৰ পৰা কোনো ৰিলিফৰ সাহাৰ্য্য গৈ পোৱা নাই।

Related Articles

Leave a Reply

Close