অসমশীৰ্ষ

গহপুৰত কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই কিয় নাম ল’লে মন্ত্ৰী ড: শৰ্মাৰ?

নিউজ ডেস্ক, প্ৰথম খবৰ : গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ খতিয়ান সভাত আজি অংশ গ্ৰহণ কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই। মন্ত্ৰীগৰাকীয়ে গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সমষ্টিটোৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আয়োজিত এখন সংবাদ মেলতো সম্বোধন কৰে। দিনৰ দুই বজাত তেখেতে গহপুৰ নগৰ সমিতিৰ কাৰ্যালয়ত দলীয় কৰ্মী- সতীৰ্থসকলৰ সৈতে দুপৰীয়া আহাৰ গ্ৰহণ কৰি বান বিধ্বস্ত বাকৰি দলনি গাঁও পঞ্চায়তৰ ডাঠকলা পৰিদৰ্শন কৰি একাংশ বানাক্ৰান্তৰ লগত মত বিনিময় কৰে৷


সংবাদ মেলত কি ক’লে ৰণজিৎ দত্তই
১/ গহপুৰ ৰাজহ চক্ৰৰ অন্তর্গত ১৩খন গাঁও আৰু হেলেম ৰাজহ চক্ৰৰ অন্তর্গত ২০ খন গাঁও বানৰ কবলত পৰিছে। ৪৭৮ হেক্টৰ শস্য ভূমি আৰু ১২৭৮৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
২/ ১৯৫ কুইন্টল চাউল আৰু ৩৬ কুইন্টল দাইল বিতৰণ কৰিছে গহপুৰ মহকুমা প্ৰশাসনে। আজিলৈকে ২১ খন গাঁৱৰ পশুধনৰ মাজত ২৪৫ কুইন্টল পশু খাদ্য বিতৰণ কৰা হৈছে।
৩/ গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰ নাসী দাসৰ তৎপৰতাত যথোচিতভাৱে বান সাহায্য বিতৰণৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে..
৪/বানাক্ৰান্ত ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ভ্ৰাম্যমাণ খোৱা পানী পেকেট বনোৱা আৰু যোগান ধৰিব পৰা গাড়ী মজুত ৰখা হৈছে।
৫/ বানাক্ৰান্তক উদ্ধাৰৰ বাবে সষ্টম এছ ডি আৰ এফ দল॥লগত সাজু লাইফ জেকেট আৰু ৰাবাৰ নাওঁ….
৬/বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু ভ্ৰাম্যমাণ স্বাস্থ্য পৰীক্ষা দলেও নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে।
৭/ বান পানীত মৃত্যু হোৱাজনলৈ ৪৮ ঘণ্টা ভিতৰত চাৰি লাখ টকাৰ সাহায্য দিব চৰকাৰে। এই ক্ষেত্রত হাৰাশাস্তি যাতে নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে চৰকাৰে।
৮/বানাক্ৰান্ত এলেকাত দহ হাজাৰতকৈও অধিক খোৱা পানী বিশুদ্ধিকৰণ কৰা হেল’জেন টেবলেট আৰু বিজানুনাশক দ্ৰব্য বিতৰণ…
৯/ বানৰ কবলত পৰা কৃষকসকলক কৃষি বিভাগৰ তৰফৰপৰা বিনামূলীয়াকৈ ধানৰ কঠীয়া যোগান ধৰা হ’ব।
১০/ মথাউৰিৰ ভঙা অংশ এছ ডি আৰ এফ আৰু এম জি এনেৰেগা আঁচনিৰ অধীনত মেৰামতি কৰা হব
১১/এতিয়াও বান সাহায্য নোপোৱা হেলেম ৰাজহ চক্ৰ অন্তর্গত কেঁকুৰিজান- নলিনীবাৰী আৰু তিনিকোণীয়াত বান সাহায্যৰ নিৰ্দেশ দিয়ে ৰাজহ চক্ৰ বিষয়াক….

ৰনজিৎ দত্তৰ অকপট স্বীকাৰোক্তি….
১/মুখ্য মন্ত্ৰী গহপুৰ সমষ্টিলৈ এবছৰত দুবাৰ আহিল, কিন্তু মন্ত্ৰী হৈয়ো মই মোৰ সমষ্টিলৈ চৰকাৰ গঠনৰ পিছত এবাৰো আনিব পৰা নাই। গহপুৰৰ বিধায়ক আৰু ৰাইজ ‘লাকী’.
২/এবছৰীয়া কাম- কাজৰ খতিয়ান গহপুৰৰ বিধায়ক উৎপল বৰাই কিতাপ আকাৰে উলিয়াইছে… মই এতিয়া ইয়াত বহি বহিহে ভাবিছোঁ, ময়ো সমষ্টিৰ কাম- কাজৰ খতিয়ান সম্বলিত এনে কিতাপৰ ব্যৱস্থা কৰিম..
হিমন্ত বিশ্বৰ নাম ল’লে কিয়
১/ আজি বৰ্ষপূৰ্তি খতিয়ান সভাত জলসিন্সন,ৰেচম বিভাগৰ মন্ত্ৰী ৰণজিৎ দত্তই ভাষণ প্ৰসংগত স্বাস্থ্য- শিক্ষা- বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শলাগ লয়। তেওঁ কয় যে গহপুৰ আৰু বিহালী সমষ্টিৰ নিৰ্বাচনী সভাসমূহত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জয়ী হলে বিজেপি দলে মহিলা আত্ম সহায়ক গোটসমূহলৈ পাঁচ লাখ টকাকৈ দিব বুলি ঘোষণা কৰিছিল। সেই মৰ্মে এইবাৰ বাজেটত ধৰা হৈছে। অৱশ্যে পৰ্য্যায়ক্ৰমেহে এই ধন ৰাশি উপযুক্ত মহিলা আত্মসহায়ক গোটসমূহে পাব।

Related Articles

Leave a Reply

Close