অসমশীৰ্ষ

গহপুৰত বানৰ সংহাৰী ৰূপ

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ মহকুমাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মহকুমাটোৰ মাজেৰে বৈ যোৱা কুকুৰজান, চত্ৰং, ব্ৰহ্মাজান, চেঁচা নৈৰ বাঢ়নী পানীয়ে মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল ডুবাই ৰাখিছে। গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ অন্তর্গত ৪০ খনৰো অধিক গাঁৱৰ ১৫ হাজাৰৰো অধিক লোকৰ খেতি পথাৰ, ঘৰ-দুৱাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে বানে। গহপুৰ নগৰ সমিতিৰ অধীনৰ ৩,৪,৫ আৰু ৬ নং ৱাৰ্ডৰ বাট-পথৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ, শস্য ভূমি বুৰাই পেলাইছে ফেনে-ফোটোকাৰে বৈ অহা কুকুৰ জান নৈৰ পানীয়ে।

গহপুৰ- নয়া ঘগৰা গড়কাপ্তানি পথটোৰ ওপৰেদি বৈছে বাঢ়নী পানী। ফলত পথটোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ অংশৰপৰা সম্প্ৰতি যাতায়াত বন্ধ হৈ আছে।কুকুৰজান নৈৰ পানীয়ে গহপুৰ নগৰৰ ৩ আৰু ৪ নং ৱাৰ্ডৰ একাংশ লোককো ক্ষতিগ্ৰস্ত কৰিছে। ইপিনে চত্ৰং নৈৰ ভগ্ন মথাউৰিৰ পানীয়ে ৬ নং ৱাৰ্ডৰ চত্ৰংবাসীক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। পাঁচ নং ৱাৰ্ডৰ মিলন নগৰৰ কিছু পৰিয়াল মৰা চত্ৰঙৰ বাঢ়নী পানীৰ কবলত পৰিছে।

ইপিনে বহিঃবিশ্বৰে যোগাযোগ বিচ্ছিন্ন গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তর্গত অসম- অৰুণাচল সীমান্তৱৰ্তী নলিনীবাৰী – তিনিকোণীয়াৰ ১০ খন বানাক্ৰান্ত গাঁৱৰ ৰাইজ। গহপুৰৰ মহকুমাধিপতি ডঃ ইন্দ্ৰনসী দাস, গহপুৰৰ বিধায়ক উৎপল বৰা, ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত বিমান দাস আদিয়ে বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়।

গহপুৰ নগৰ সমিতিৰ সভানেত্ৰী লীনা শইকীয়া বৰা আৰু ৰাজহ চক্ৰ বিষয়াক লগত লৈ বিধায়ক উৎপল বৰাই নিজে পুৱাই এছ ডি আৰ এফ দল এটাৰ লগত কুকুৰজান নদীয়ে ডুবাই ৰখা এলেকাসমূহ ৰাবাৰ নাৱেৰে গৈ বানাক্ৰান্তৰ দুখৰ সমভাগী হয়। লগতে গহপুৰৰ সাহায্যৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নলনীবাৰী-তিনিকুণীয়া এলেকাও পৰিদৰ্শন কৰে।

গহপুৰত এতিয়াও অব্যাহত আছে ধাৰাসাৰ বৰষুণ। আমালৈ অহা খবৰ মতে ব্ৰহ্মাজান আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখত ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈছে পানী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close