অসম

গহপুৰৰ ৰাওনা মুখত চিকিৎসা শিবিৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰৰ সাহিত্য-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত, মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত বান বিধ্বস্ত ৰাওনামুখত আজি এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কামপুতি পাতিৰি শংকৰদেৱ শিশু নিকেতনত আয়োজিত চিকিৎসা শিবিৰটোত ডা:বিজয় টিচুৰ, ডাঃ স্মৃতিৰেখা গগৈয়ে দুই শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰে। গহপুৰৰ মহকুমাধিপতি ডঃ ইন্দ্ৰানীস দাসে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱা চিকিৎসা শিবিৰটোত গহপুৰৰ সাহিত্য- সংস্কৃতি বিকাশ কেন্দ্ৰৰ মুখ্য সমন্বয়ক অপূৰ্ব কৃষ্ণ পাতিৰি, ভাস্কৰ জ্যোতি হাজৰিকা, সমন্বয়ক কংকন ভূঞা, ৰঞ্জিত দেউৰী, ৰাকেশ কামান আদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close