অসম

গুৱাহাটী প্ৰেছ ক্লাবত হীৰেন ভট্টাচাৰ্যৰ জন্মদিন উদযাপন

নিউজ ডেস্ক, প্ৰথম খবৰ: ২৮ জুলাই শুক্ৰবাৰে দিনৰ ১১ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিন পালন কৰা হয়। প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদক প্ৰণৱ জ্যোতি নদীয়াল আৰু তন্দ্ৰালী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত প্ৰতিশ্ৰুতিৰ মুখ্য সম্পাদক কাবেৰী কছাৰী ৰাজকোঁৱৰে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰে| অনুষ্ঠানত উপস্থিত থাকে আলফা সভাপতি অৰবিন্দ ৰাজখোৱা, বিশিষ্ট কবি আনিছ উজ জামান, বিশিষ্ট সাংবাদিক মণ্টু শইকীয়া, আলফা নেতা প্ৰদীপ বৰুৱা, আলফা লেফটেনেণ্ট কৰ্ণেল বিজু ডেকা, নেমকেয়াৰ হস্পিটেলৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাকে প্ৰমুখ্য কৰি বহুতো গণ্যমান্য ব্যক্তি। উক্ত অনুষ্ঠানতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰতিশ্ৰুতি সাহিত্য প্ৰতিযোগিতাৰ- ২০১৭ৰ কবিতা, গল্প, উপন্যাসত শ্ৰেষ্ঠত্ব অৰ্জন কৰাসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। লগতে আৰ ডি এচ প্ৰডাকচনৰ ‘কুৱঁলী আঁতৰি যা’ নামৰ শ্ৰব্য কেচেট উন্মোচন কৰা হয়,ইয়াত কণ্ঠ নিগৰাইছে লোনা নাথে।

Related Articles

Leave a Reply

Close