অসম

গুৱাহাটী মহকুমা বজাৰ সমিতিৰ দ্বাৰা হালধী সংশাধন গোট মুকলি

প্ৰথম খবৰ, মিৰ্জা: গুৱাহাটী মহকুমা বজাৰ সমিতিৰ উপৰহালীস্থিত কাৰ্যালয় চৌহদত শনিবাৰে মুকলি কৰা হয় হালধী সংশাধন গোট। অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা উপাধ্যক্ষ মনোজ বৰুৱা, পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা গুৱাহাটী মহকুমা বজাৰ সমিতিৰ সভাপতি কৃষ্ণ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতত বিপণন পৰিষদৰ কৃষি উন্নয়ন পুঁজিৰে মুখ্য বজাৰ চৌহদত মুকলি কৰা হয়। এই হালধী সংশাধন গোটৰ শুভ উদ্বোধনে কৃষক সকলৰ মাজত আশাৰ ৰেঙণী কঢ়িয়াব বুলি মন্তব্য কৰে উপস্থিত লোকসকলে ।কৃষক ৰাইজৰ পৰা হালধী ক্ৰয় কৰি এই সংশাধন গোটৰ দ্বাৰা পেকেজিং কৰি বজাৰত সুলভ মূল্যত বিক্ৰী কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Close