অসম

গুৱাহাটী মহানগৰীত নেচাৰ কেয়াৰ এণ্ড টুৰিজিম এডুকেশ্বন ফাউণ্ডেশ্যন দ্বাৰা বান সাহাৰ্য্য সংগ্ৰহ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰি আহিছে নেচাৰ কেয়াৰ এণ্ড টুৰিজিম এডুকেশ্বন ফাউণ্ডেশ্যনে। আজি গুৱাহাটী মহানগৰীৰৰ বিভিন্ন স্থানত বান সাহাৰ্য্য সংগ্ৰহ কৰে নেচাৰ কেয়াৰ এণ্ড টুৰিজিম এডুকেশ্বন ফাউণ্ডেশ্যনেৰ সভাপতি জুলিন বৰুৱা নেতৃত্বত যোৱা এটি দলে। দলটিক বান সাহাৰ্য্য সংগ্ৰহত সহযোগিতা আগবঢ়াই গ্ল’ৱেল এডুকেশ্বন ৰ্স্পটছ এণ্ড কালচাৰেল অগ্ৰনাইজেছনৰ বিষয়ববীয়াই। উল্লেখ যে, গুৱাহাটীৰ কেইবাটাও চৰকাৰী বেচৰকাৰী কাৰ্যালয়, আৰক্ষী থানা, কেইবাটাও NGO আৰু শুভাকাংক্ষী ৰাইজে বৰ্তমান সময়লৈকে নেচাৰ কেয়াৰ এণ্ড টুৰিজিম এডুকেশ্বন ফাউণ্ডেশ্যনৰ বান সাহাৰ্য্য দলটিৰ হাতত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী জমা দিছে। আপুনিও বান বিধ্বস্ত অঞ্চলসমূহৰ বন্যাৰ্তৰ বাবে অলপমান খাদ্য সামগ্ৰী আৰু বস্ত্ৰ প্ৰদান কৰি বন্যাৰ্তৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰে। আপুনি যদি বানাক্ৰান্ত ৰাইজক বান সাহাৰ্য্য আগবঢ়াব বিচাৰে, তেনেহ’লে যোগাযোগ কৰক “নেচাৰ কেয়াৰ এণ্ড টুৰিজিম এডুকেশ্বন ফাউণ্ডেশ্যনৰ বান সাহাৰ্য্য সংগ্ৰহ দলৰ লগত যোগাযোগ কৰক : ৮৬৩৮৬৪০১৯৬ সৈতে ।

Related Articles

Leave a Reply

Close